গুৱাহাটী, ২০ জুন : কৰ'ণা(Corona) মহামাৰীৰ প্ৰভাৱ ৰাজ্যৰ বিভিন্ন স্তৰৰ লোকৰ ওপৰত পৰিছে । বিশেষকৈ কাৰ্ফিউৰ(Curfue) পৰিপ্ৰেক্ষিতত কৰ্ম সংস্থাপনহীন হৈ পৰা লোকসকল দিশহাৰা হৈ পৰিছে । দুবেলা-দুমুঠিৰ বাবে কঠোৰ সংগ্ৰামত অৱতীৰ্ণ হ'বলগীয়া হৈছে বহু লোক । কোনোৱে যদি নিজৰ সংস্থাপন হেৰুৱাইছে, কোনোৱে আকৌ লোকচানৰ বাবে বন্ধ কৰিছে ব্যৱসায় ।
কৰ'ণা পৰিস্থিতিৰ বাবে পশ্চিম গুৱাহাটীৰ অসম-মেঘালয় সীমান্তৱৰ্তী বৃহত্তৰ ৰাণী মৈৰাপুৰৰ বেণ্ডপাৰ্টি দলৰ মাজতো দেখা দিছে ঘোৰ অমানিশা । কৰ'ণা মহামাৰীৰ বাবে সম্প্ৰতি পানীত হাঁহ নচৰা অৱস্থা হৈছে সেইসকল বয়োজ্যেষ্ঠ বেণ্ডপাৰ্টি (Band) শিল্পীৰ । ১৯৯৭ চনতেই গঠিত "বুঢ়াগোঁসাঁই আশ্ৰিত বেণ্ডপাৰ্টি" দলৰ ১১ গৰাকী সদস্যৰ এতিয়া চকুত চকুলো । জটিল ক'ভিড পৰিস্থিতিৰ বাবেই ৰাজ্যত অব্যাহত থকা সান্ধ্য-আইন(Night curfue) আৰু চৰকাৰী ক'ভিড নীতি-নিয়মৰ(Government SOP) বাবে বাতিল হৈছে ৰাজহুৱা ধৰ্মীয় অনুষ্ঠান, বিয়া-সবাহৰ দৰে মাংগলিক কাৰ্যসূচীসমূহ ।
বিশেষকৈ এই বিয়া-সবাহৰ যোগেদিয়ে বেণ্ডপাৰ্টিসমূহে জীৱন-জীৱিকা কৰি আহিছে । কিন্তু এতিয়া এই অনুষ্ঠানবোৰ নোহোৱাৰ ফলত বেণ্ডপাৰ্টিসমূহৰ পৰিয়াললৈ নামি আহিছে দুৰ্যোগ । এইসকল লোকৰ ভয়াৱহ সংকটৰ প্ৰতি লক্ষ্য ৰাখি দীপৰ বিলৰ সমীপৱৰ্তী দেউচতালৰ সমাজসেৱক বলেশ্বৰ ৰংপীয়ে নিজাববীয়াকৈ বুঢ়াগোঁসাই আশ্ৰিত বেণ্ডপাৰ্টিক আগবঢ়ালে খাদ্য সামগ্ৰীৰ লগতে নগদ ৫ হেজাৰ টকাৰ আৰ্থিক সাহায্য । ৰাণী মৈৰাপুৰৰ গৰাখহনীয়াত উপস্থিত হৈ ৰংপীয়ে চাউল, দাইল, মিঠাতেল, পিঁয়াজ, নিমখ, বিস্কুট, আলু আদি বিভিন্ন খাদ্য-সামগ্ৰী প্ৰদান কৰাৰ লগতে দলটোৰ প্ৰতিগৰাকী সদস্যক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় ।
ৰংপীৰ এই মহানুভৱতাৰ পদক্ষেপক বেণ্ডপাৰ্টি দলটোৰ লগতে স্থানীয় ৰাইজে কৃতজ্ঞতা জনাইছে । বিশেষকৈ নামনি অসম আৰু দক্ষিণ কামৰূপত বেণ্ডপাৰ্টি বিবাহ বা ধৰ্মীয় অনুষ্ঠানসমূহত প্ৰায়ে দেখা যায় । কেৱল এয়াই নহয় নিৰ্বাচনৰ সময়তো বহু নেতাই সমদলত ব্যৱহাৰ কৰে বেণ্ডপাৰ্টি । উল্লেখ্য যে, সংকটৰ এই সময়ত আৰ্তজনক সহায় কৰাৰ বাবে বহু লোকেই আগবাঢ়ি অহাত বহুজনে জীয়াই থকাৰ বাট দেখিছে ।