ETV Bharat / state

ক'ভিড-19 আক্ৰান্ত স্বাস্থ্যকৰ্মীৰ পৰিয়ালৰ ভয়ংকৰ অভিযোগ

author img

By

Published : Jun 30, 2020, 7:16 PM IST

স্বাস্থ্য বিভাগে যুদ্ধকালীনভাৱে বিগত তিনিমাহে সংক্ৰমণ ৰোধ তথা কৰ'ণা মুক্তিৰ বাবে দিবা-নিশি একাকাৰ কৰি চিকিৎসা সেৱা অব্যাহত ৰাখিছে ৷ চৰকাৰ তথা প্ৰশাসনৰ এই তৎপৰতাক শলাগিছে ৰাজ্যৰ সৰহ সংখ্যক লোকে ৷ কিন্তু তাৰ মাজতেই এগৰাকী স্বাস্থ্যকৰ্মীৰ পৰিয়ালৰ লোকৰ ভাষ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজ্যত ৷ প্ৰশ্ন উত্থাপন হৈছে, কিমান সঠিকভাৱে চলিছে ক'ভিড ৰোগীৰ চিকিৎসা ? উপযুক্ত সুবিধা লাভ কৰিছেনে স্বাস্থ্যকৰ্মীয়ে ?

covid-19 treatment
covid-19 treatment

গুৱাহাটী, 30 জুন : ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছ সংক্ৰমণৰ ঘটনা ৷ স্বাস্থ্য বিভাগে যুদ্ধকালীনভাৱে বিগত তিনিমাহে সংক্ৰমণ ৰোধ তথা কৰ'ণা মুক্তিৰ বাবে দিবা-নিশি একাকাৰ কৰি চিকিৎসা সেৱা অব্যাহত ৰাখিছে ৷ বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ বাবে জিলাই জিলাই ব্যৱস্থা কৰা হৈছে কোৱাৰেন্টাইন চেন্টাৰৰ ৷ চৰকাৰ তথা প্ৰশাসনৰ এই তৎপৰতাক শলাগিছে ৰাজ্যৰ সৰহ সংখ্যক লোকে ৷ কিন্তু তাৰ মাজতেই এগৰাকী স্বাস্থ্যকৰ্মীৰ পৰিয়ালৰ লোকৰ ভাষ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজ্যত ৷

এগৰাকী ক'ভিড -19 আক্ৰান্ত স্বাস্থ্যকৰ্মীৰ পৰিয়ালৰ ভয়ংকৰ অভিযোগ ৷ কোনোধৰণৰ উপযুক্ত সেৱা লাভ কৰা নাই তেওঁ ৷ মহানগৰীৰ বশিষ্ঠ অঞ্চলত আশা কৰ্মী হিচাপে নিয়োজিত আছিল মহিলা গৰাকী ৷ কোভিড-19 আক্ৰান্ত বুলি ধৰা পৰাৰ পাচতেই মহিলা গৰাকীক চিকিৎসালয়লৈ নিবলৈ আহিছিল 108 এম্বুলেঞ্চ ৷ পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি, সেইদিনা 108 সেৱাৰ স্বাস্থ্যকৰ্মী, আৰু চালকে পিন্ধা নাছিল পিপিই কিট আৰু হেণ্ড গ্লবছ ৷

ক'ভিড-19 আক্ৰান্ত স্বাস্থ্যকৰ্মীৰ পৰিয়ালৰ ভয়ংকৰ অভিযোগ

মহিলাগৰাকীক লৈ অহাৰ পাচত এম্বুলেঞ্চ খনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বাহিৰতেই এৰি গৈছিল তেওঁক ৷ স্বাস্থ্যকৰ্মী গৰাকী চিকিৎসালয়ৰ ভিতৰলৈ গৈছিল যদিও চিকিৎসকে তেওঁক উভতাই পঠিয়াই ৷ যি ঘটনাক লৈ ক্ষোভ প্ৰকাশ কৰিছে স্বাস্থ্যকৰ্মী গৰাকীৰ পৰিয়ালে ৷

আশাকৰ্মীৰ দায়িত্ব থকা সময়তো মহিলাগৰাকীক বিভাগৰ তৰফৰ পৰা মাক্স, হেণ্ড গ্লবচ, পি পি ই কিট যোগান নধৰাৰ অভিযোগ পৰিয়ালৰ ৷ তেওঁলোকৰ মতে পিপিই কিট, মাস্ক অবিহনেই ক'ভিড-19 আক্ৰান্ত ৰোগীৰ ওচৰলৈ যাব লগীয়া হৈছিল মহিলাগৰাকী ৷ এই ঘটনা পোহৰলৈ অহাৰ পাছতে হাহাকাৰ লাগিছে স্বাস্থ্য বিভাগত ৷ এনে দায়িত্বজ্ঞানহীন কৰ্মচাৰীৰ বাবেই যেন হাজাৰ চেষ্টা কৰিও প্ৰতিৰোধ কৰিব পৰা হোৱা নাই কৰ'ণাৰ সংক্ৰমণ ৷ স্বাস্থ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কি ভূমিকা গ্ৰহণ কৰে সেইয়া অৱশ্যেই লক্ষ্যণীয় হ'ব ৷

লগতে পঢ়ক : কলৰ ভুৰত উঠি দৰাই আনিলে কইনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.