ETV Bharat / state

AIIMS Guwahati: নৱনিৰ্মিত এইমছ পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

author img

By

Published : Feb 25, 2023, 7:18 AM IST

গুৱাহাটী এইমছ পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ(Health Minister Keshav Mahanta visits Guwahati AIIMS) । বুজ ল'লে অ'পিডি আৰু আই পি ডি সেৱা পৰিচালনা প্ৰক্ৰিয়াৰ । অৱশিষ্ট নিৰ্মাণকাৰ্যক লৈ সঞ্চালকৰ সৈতে আলোচনা । অন্তিম পৰ্যায়ৰ অৱশিষ্ট কাম-কাজ তথা আনুষ্ঠানিকতাসমূহ ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰাৰ নিৰ্দেশনা ।

Health Minister Keshav Mahanta visits Guwahati AIIMS
এইমছ পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

গুৱাহাটী,২৪ ফেব্ৰুৱাৰী: আনুষ্ঠানিকভাৱে মুকলিৰ বাবে প্ৰায় সাজু কৰি তোলা হৈছে কামৰূপ জিলাৰ চাংসাৰিত নৱনিৰ্মিত সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান চমুকৈ এইমছ গুৱাহাটী(All India Institute Of Medical Sciences) । শুকুৰবাৰে বিয়লি স্বাস্থ্য-পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা তথা গৱেষণা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই প্ৰতিষ্ঠানখন পৰিদৰ্শন কৰি সামগ্ৰীক দিশৰ বুজ লয়(Health Minister Keshav Mahanta visits Guwahati AIIMS) । ৰাজ্যৰ অতিৰিক্ত চিকিৎসা শিক্ষা সঞ্চালক(Additional Director of Medical Education of Assam) ডাঃ মনোজ চৌধুৰীৰ সৈতে এইমছ চৌহদত উপস্থিত হৈ স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চিকিৎসা শিক্ষা তথা গৱেষণা প্ৰতিষ্ঠানটিৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ চাক্ষুষ বুজ লয় ।

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটী এইমছৰ কাৰ্যবাহী সঞ্চালক ড৹ অশোক পুৰাণিকৰ সৈতে এখন বৈঠকত মিলিত হৈ ইতিমধ্যে নিৰ্মাণকাৰ্য প্ৰায় সম্পূৰ্ণ হোৱা এইমছৰ আনুষ্ঠানিক উদ্বোধনৰ বিষয়ে চৰ্চা কৰে(AIIMS Guwahati) । উদ্বোধনৰ বাবে সাজু হৈ থাকিব পৰাকৈ অন্তিম পৰ্যায়ৰ অৱশিষ্ট কাম-কাজ তথা আনুষ্ঠানিকতাসমূহ ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰাৰ লগতে অন্যান্য যাৱতীয় প্ৰস্তুতিও এতিয়াৰে পৰাই আগবঢ়াই নিবলৈ স্বাস্থ্যমন্ত্ৰী মহন্তই আলোচনাকালত এইমছৰ কাৰ্যবাহী সঞ্চালক ড৹ পুৰাণিকক পৰামৰ্শ প্ৰদান কৰে ।

আলোচনাকালত এইমছ প্ৰকল্পৰ অধীনৰ দ্বিতীয় পৰ্যায়ৰ অৱশিষ্ট নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বিষয়ে কাৰ্যবাহী সঞ্চালকগৰাকীৰ পৰা স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে বুজ লয় । ইয়াৰ পূৰ্বে স্বাস্থ্য মন্ত্ৰী মহন্তই এইমছ চিকিৎসালয়ৰ বহিঃ ৰোগী বিভাগ (অ'পিডি) আৰু আন্তঃ ৰোগী বিভাগ (আই পি ডি) পৰিদৰ্শন কৰি এই দুয়ো বিভাগৰ কাম-কাজ পৰ্যবেক্ষণ কৰে । এইমছ গুৱাহাটীত বৰ্তমান পাঠদান চলি থকা এম বি বি এছৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় বৰ্ষৰ পাঠ্যক্ৰমৰ অগ্ৰগতি, তিনিওটা বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আৰু উপস্থিতিৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে কাৰ্যবাহী সঞ্চালকগৰাকীৰ পৰা খবৰ লয় ।

ছাত্ৰ-ছাত্ৰীৰ লগতে অধ্যাপক তথা শিক্ষক-কৰ্মচাৰীসকলৰ থকা-মেলাৰ বিষয়ে বুজ লোৱাৰ উপৰি তেওঁলোকে কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি তাৰো খবৰ লয় মন্ত্ৰী মহন্তই । উল্লেখ যে চাংসাৰীত ১২০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এইমছ কাৰ্যক্ষম হৈ উঠিছে যদিও আনুষ্ঠানিক উদ্বোধন এতিয়াও বাকী আছে । ইতিমধ্যে পাঠক্ৰম আৰু আন বিভিন্ন সেৱা আৰম্ভ হৈছে যদিও সম্পূৰ্ণ ৰূপে মুকলিৰ বাবে সাজু হৈ উঠা নাই ।

লগতে পঢ়ক: Birth anniversary of Parag Kumar Das : প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ ওপজা দিন উদযাপন

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.