গুৱাহাটী, ২৮ জুলাই: বিশ্ব হেপাটাইটিছ দিৱস উপলক্ষে জি এম চি এইচৰ হৃদয়-বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰত আজি পুৱা আয়োজিত এক অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই(Health Minister Keshav Mahanta in the race) ।
![Health Minister Keshav Mahanta in the race for World Hepatitis Day](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-04-health-minister-keshav-mahanta-in-the-race-for-world-hepatitis-day-7209925_28072022190704_2807f_1659015424_717.jpg)
নৰ্থ ইষ্ট ডাইজেষ্টিভ এণ্ড লিভাৰ ফাউণ্ডেচনে(North East Digestive and Liver Foundation) গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ গেষ্ট্ৰ'ল’জী বিভাগ আৰু ইণ্ডিয়ান ছ'চাইটী অব্ গেষ্ট্ৰ'এণ্টাৰ'লজীৰ উত্তৰ-পূৰ্বাঞ্চল গোটৰ সহযোগত আয়োজন কৰা এই দিৱসৰ কাৰ্যসূচীৰ অংশ হিচাপে 'ৰাণ ফ'ৰ ইয়'ৰ লিভাৰ'(Run for your liver) শীৰ্ষক এক সামূহিক দৌৰ অনুষ্ঠানৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ।
![Health Minister Keshav Mahanta in the race for World Hepatitis Day](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-04-health-minister-keshav-mahanta-in-the-race-for-world-hepatitis-day-7209925_28072022190704_2807f_1659015424_386.jpg)
জনসাধাৰণৰ মাজত হেপাটাইটিছ ৰোগৰ লগতে যকৃত সুস্থ কৰি ৰখাৰ বাবে গ্ৰহণ কৰিব লগা সতৰ্কতাৰ বিষয়ে সজাগতা সৃষ্টি বৃদ্ধিৰ উদ্দেশ্যে ভঙাগড়ৰৰ চি এন চেণ্টাৰৰ পৰা নেহৰু ষ্টেডিয়ামলৈ এই সামূহিক দৌৰৰ আয়োজন কৰা হয় ।
![Health Minister Keshav Mahanta in the race for World Hepatitis Day](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-04-health-minister-keshav-mahanta-in-the-race-for-world-hepatitis-day-7209925_28072022190704_2807f_1659015424_935.jpg)
এই অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাংবাদিক কনকসেন ডেকা, গুৱাহাটী পৌৰনিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মা, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্য, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, জনপ্ৰিয় অভিনেত্ৰী চেতনা দাস, জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতা আৰু বিশিষ্ট চিকিৎসক তথা অনুষ্ঠানৰ মূল উদ্যোক্তা ডাঃ ভৱদেৱ গোস্বামীয়ে অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক : Deshbhakti divas: দেশভক্ত তৰুণৰাম ফুকনৰ আদৰ্শৰে অসম আগুৱাই নিব লাগিব : মুখ্যমন্ত্ৰী