ETV Bharat / state

চৰকাৰে চীনৰ পৰা কোনো পি পি ই কিট ক্ৰয় কৰা নাছিল: কেশৱ মহন্ত - চৰকাৰীভাৱে চীনৰ পৰা কোনো ধৰণৰ পি পি ই কিট

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন তথা অসম চৰকাৰৰ স্বাস্থ্য বিভাগে চীনৰ পৰা কোনো পি পি ই কিট ক্ৰয় কৰা নাছিল ৷ এই মন্তব্য স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ । সেই বিশেষ বিমানেৰে অন্য সামগ্ৰীহে অনা হৈছিল বুলি মন্তব্য স্বাস্থ্য মন্ত্ৰীগৰাকীৰ ৷

চৰকাৰে চীনৰ পৰা কোনো পি পি ই কিট ক্ৰয় কৰা নাছিল: কেশৱ মহন্ত

author img

By

Published : May 28, 2022, 6:42 PM IST

গুৱাহাটী, 28 মে': ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন তথা স্বাস্থ্য বিভাগে চীনৰ পৰা কোনো পি পি ই কিট ক্ৰয় কৰা নাছিল । হয়তো কোনাবাই সাহাৰ্য হিচাপে দিব পাৰে ৷ এই মন্তব্য স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ । শনিবাৰে গুৱাহাটীত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ এইদৰে মন্তব্য কৰি লগতে কয় যে তেনে কোনো সামগ্ৰী ক্ৰয় কৰা নাছিল যেতিয়া দুৰ্নীতিৰ প্ৰশ্নই নুঠে ।

সেই বিশেষ বিমানেৰে অন্য সামগ্ৰী অনা হৈছিল বুলি মন্তব্য স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ । মনকৰিবলগীয়া কথা যে 2020 চনৰ 15 এপ্ৰিলত চীনৰ পৰা 50 হাজাৰ পি পি ই কিট লৈ অহা ব্লু ডাৰ্ট কুৰিয়াৰ ছাৰ্ভিছৰ এখন কাৰ্গো বিমানক আদৰিবলৈ অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত উপস্থিত হৈছিল ৷

চৰকাৰে চীনৰ পৰা কোনো পি পি ই কিট ক্ৰয় কৰা নাছিল: কেশৱ মহন্ত

উক্ত বিমানখনত 50 হাজাৰ পি পি ই কিট আৰু অন্যান্য ক'ভিড প্ৰতিৰোধী সামগ্ৰী ৰাজ্য চৰকাৰে চীনৰ পৰা আমদানি কৰা বুলি উল্লেখ কৰি ড৹ শৰ্মাই কৈছিল যে চীনৰ পৰা পোনপটীয়াকৈ পি পি ই কিট ক্ৰয় কৰা অসম হৈছে ভাৰতৰ প্ৰথম ৰাজ্য ৷ কিন্তু শেহতীয়াকৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমে (এন এইচ এম) এখন আৰ টি আই আবেদনৰ উত্তৰত জনায় যে অসমত চৰকাৰীভাৱে চীনৰ পৰা কোনো ধৰণৰ পি পি ই কিট বা অন্য ক'ভিড প্ৰতিৰোধী সামগ্ৰী ক্ৰয় কৰা হোৱা নাছিল৷ এই তথ্য পোহৰলৈ অহাৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে ।

উল্লেখ্য যে শণিবাৰে জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধি সন্দৰ্ভত গুৱাহাটী পৌৰ নিগমৰ বিশেষ সজাগতা আৰু পৰ্যালোচনা সভাত মন্ত্ৰী কেশৱ মহন্ত, মেয়ৰ মৃগেন শৰণীয়া, উপ-মেয়ৰ স্মিতা ৰয়ৰ লগতে জি এম চিৰ কাউঞ্চিলাৰসকল উপস্থিত থাকে । উজান বজাৰৰ GMC সমন্বয় কক্ষত এই সভা অনুষ্ঠিত হয় । এই সভাত মন্ত্ৰী কেশৱ মহন্তই 60টা ৱাৰ্ডত চিকিৎসালয় স্থাপন সন্দৰ্ভত মেয়ৰ আৰু পাৰিষদসকলৰ লগত প্ৰাৰম্ভিক পৰ্যালোচনা কৰে ।

লগতে পঢ়ক: ৰাইজৰ ৰোষত দুৰ্যোগ ব্যৱস্থাপনা আৰু প্ৰশমন বিভাগৰ কেন্দ্ৰীয় প্ৰতিনিধি দল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.