গুৱাহাটী, 14 ছেপ্টেম্বৰঃ শনিবাৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ ৰক্তদান কৰে ৷ বিজেপিৰ সেৱা সপ্তাহ কাৰ্যসূচী উপলক্ষে ৰক্তদান কৰে মন্ত্ৰীজনে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপজা দিন উপলক্ষে সমগ্ৰ দেশতে বিজেপিৰ সেৱা সপ্তাহ কাৰ্যসূচী পালন কৰা হৈছে৷ 14-20 ছেপ্টেম্বৰ লৈ অনুষ্ঠিত হ'ব লগীয়া এই সেৱা সপ্তাহত বিজেপিয়ে চিকিৎসালয়ৰ ৰোগী সকলৰ বাবে বিনামূলীয়া ফলমূল বিতৰণ, ঔষধ বিতৰণ, ৰক্তদান শিবিৰসহ আন কেইবাটাও উন্নয়নমূলক কাৰ্যসূচী হাতত লৈছে । ইফালে এই কাৰ্যসূচীৰ লগতে সংগতি ৰাখি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ লগতে বিজেপিৰ কৰ্মকর্তা সকলে হেঙেৰাবাৰীৰ কাৰ্বি যুৱ সংঘৰ খেলপথাৰত অনুষ্ঠিত হ'ব লগীয়া আন এক অনুষ্ঠানত অংশ গ্ৰহণ কৰিব ৷ আনহাতে শনিবাৰে পুৱাই বিজেপিৰ সেৱা সপ্তাহ অভিযানৰ অংশ হিচাপে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ কাৰ্যবাহী অধ্যক্ষ জে.পি নাড্ডাই চাফা কৰিলে এইমছৰ মজিয়া ৷ লগতে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে দান কৰিলে ৬ মাহৰ দৰমহা ৷
উল্লেখযোগ্য যে, অহা ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন। বিজেপিয়ে সমগ্ৰ দেশতেই প্ৰধানমন্ত্ৰী মোডীৰ ৬৯ সংখ্যক জন্মদিন উপলক্ষে ‘সেৱা সপ্তাহ’ ৰূপে পালন কৰাৰ লগতে বিভিন্ন কাৰ্যসূচীৰ বাবে প্ৰস্তুতি চলাইছে।