ETV Bharat / state

১৫ জুনৰ পাচত কিছু শিথিল হ'ব ক’ভিডৰ SOP: স্বাস্থ্যমন্ত্রী

author img

By

Published : Jun 13, 2021, 9:06 PM IST

পৰীক্ষা অনুষ্ঠিত কৰাক লৈ স্বাস্থ্য বিভাগে গঠন কৰা কমিটিৰ প্ৰতিবেদনে নিৰ্ণয় কৰিব কি পদ্ধতিত অনুষ্ঠিত হ'ব পৰীক্ষা । একেদৰে ৰাজ্যত আগন্তুক 15 জুনৰ পাচত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা আৰু ক’ভিডৰ নীতি-নিদেৰ্শনাৰ সৰ্ম্পকে মুখ্যমন্ত্ৰীয়ে দুই এদিনৰ ভিতৰত জনাব বুলি দেওবাৰে সদৰী কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷

১৫ জুনৰ পিছত কিছু শিথিল হ'ব ক’ভিডৰ SOP: স্বাস্থ্যমন্ত্রী

গুৱাহাটী, ১৩ জুন: ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাইছে কৰ'ণাৰ সংক্ৰমণ । কৰ'ণাৰ সংক্ৰমণ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়া পৰ্যায়ক্ৰমে নীতি-নিৰ্দেশনা কিছু শিথিল কৰাৰ চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰে । অৱশ্যে সকলো জিলাতে কৰ'ণাকেন্দ্ৰীক নীতি-নিৰ্দেশনা শিথিল কৰাৰ সম্ভাৱনা নাই । ক'ভিড (COVID-19)ৰ পৰিস্থিতি উন্নত হোৱা জিলাসমূহত বৰ্তমান প্ৰযোজ্য হৈ থকা নীতি-নিৰ্দেশনা কিছু শিথিল কৰা হ'ব । দেওবাৰে এই সন্দৰ্ভত এক স্পষ্ট ইংগিত দিয়ে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷

সংবাদ মাধ্যমৰ আগত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয়, ১৫ জুনৰ পাচত কিছু শিথিলতা অনা হ'ব । জিলাভিত্তিক পৰ্যালোচনাৰ ওপৰত নিৰ্ভৰ কৰিব শিথিলতা । কিন্তু ১৫ জুনলৈ বাহাল থাকিব স্বাস্থ্য বিভাগৰ প্ৰযোজ্য নীতি-নিৰ্দেশনাসমূহ । তাৰ পাচৰ পৰ্যায়ৰ বাবে চিন্তা- চৰ্চা কৰি থকা হৈছে । যিবোৰ জিলাত পৰিস্থিতি উন্নত হোৱাৰ দিশে আগবাঢ়িছে সেই জিলাসমূহত কিছু শিথিলতা অনা হ'ব । মুখ্যমন্ত্ৰীয়ে সকলো কথা দুই-এদিনতে ঘোষণা কৰিব । গুৱাহাটী, নগাঁও আদিত পৰিস্থিতি আৰু উন্নত হ'ব লাগিব ।

ইফালে ভেকচিনৰ সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ভেকচিন পৰ্যাপ্ত মজুত আছে আৰু প্ৰতিখন জিলাৰ স্বাস্থ্য বিষয়াক নিৰ্দেশ অতি সোনকালে ভেকচিন ল'বলগীয়া লোকৰ সংখ্যা দিবলৈ নিৰ্দেশ দিয়া হৈছে ৷

আনহাতে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সন্দৰ্ভত মন্ত্রীগৰাকীয়ে কয়- "পৰীক্ষা অনুষ্ঠিত কৰাক লৈ স্বাস্থ্য বিভাগে গঠন কৰিছিল এক বিশেষজ্ঞ কমিটী । কমিটীয়ে ইতিমধ্যে প্ৰতিবেদন প্ৰস্তুত কৰিছে । কমিটীৰ প্ৰতিবেদনে নিৰ্ণয় কৰিব কি পদ্ধতিত পৰীক্ষা অনুষ্ঠিত হ'ব। বিশেষজ্ঞ কমিটিয়ে প্ৰস্তুত কৰা প্ৰতিবেদন স্বাস্থ্য বিভাগে শীঘ্রেই দাখিল কৰিব শিক্ষা বিভাগক ।"

লগতে পঢ়কঃ সোমবাৰৰ পৰা নিয়মীয়াকৈ কাৰ্যালয়লৈ যাব লগিব চৰকাৰী কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.