ETV Bharat / state

GMC development: প্ৰতিশ্ৰুতি মতে গুৱাহাটীৰ উন্নয়ন সাধনত ব্যৰ্থ বিজেপি !

author img

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 7:38 PM IST

ৰাজ্যৰ কেউফালে উন্নয়নৰ গংগা বোৱাই নিয়াৰ কথা কোৱা বিজেপি দলে গুৱাহাটী পৌৰ নিগম গঠন কৰা ডেৰ বছৰ হ’ল ৷ কিন্তু নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি কিমান পূৰণ কৰিব পাৰিছে বিজেপিয়ে ? এই সন্দৰ্ভত এক প্ৰতিবেদন ৷

development in Guwahati city
GMDA developmental projects in Guwahati

গুৱাহাটী, ১৪ নৱেম্বৰ: বিজেপি দলে গুৱাহাটী পৌৰ নিগমৰ পৰিষদ গঠন কৰা সময়ে ডেৰ বছৰৰো অধিক অতিক্ৰম কৰিলে । ২২ এপ্ৰিল ২০২২ ত অনুষ্ঠিত হোৱা গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ৬০ ৱাৰ্ডৰ ভিতৰত বিজেপি মিত্ৰজোঁটে ৫৮ টা ৱাৰ্ডত জয়লাভ কৰিছিল । কংগ্ৰেছ শূন্য হৈছিল সেই নিৰ্বাচনত । অসম গণ পৰিষদ ৬ টা ৱাৰ্ডত জয়ী হোৱাৰ বিপৰীতে বিজেপিয়ে ৫২ টা ৱাৰ্ডত, অসম জাতীয় পৰিষদে ১ টা আৰু আপে ১ টা ৱাৰ্ডত জয়লাভ কৰিছিল ।

কিন্তু যোৱা ডেৰ বছৰে বিজেপি নেতৃত্বাধীন গুৱাহাটী পৌৰ নিগমৰ পৰিষদখনে মহানগৰবাসীৰ সমস্যা আৰু আশা-আকাংক্ষাবোৰ সমাধান কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হৈছে । নিৰ্বাচনৰ পূৰ্বে বিজেপি দলে গুৱাহাটীত উন্নয়ন সাধনৰ বিভিন্ন প্ৰস্তুতি দিছিল । মুখ্যমন্ত্ৰীয়ে পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰতিটো ৱাৰ্ডৰ উন্নয়নৰ বাবে ১০ কোটিকৈ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ।

মনকৰিবলীয়া যে জাৱৰ নিষ্কাষণ গুৱাহাটী মহানগৰবাসীৰ বাবে আন এক ডাঙৰ সমস্যা । বাটে বাটে পৰি থকা জাবৰবোৰ নিষ্কাষণ কৰিবৰ বাবে পদ্ধতিগত বিজ্ঞানসন্মত ব্যৱস্থা এটা আজিও গঢ় লৈ নুঠিল । গুৱাহাটীৰ নলা-নৰ্দমা সমূহত নিষ্কাষণ কৰিবলৈ ৰবট,অত্যাধুনিক যন্ত্ৰ অনা হয় । মূল দুই এটা নলাৰ বাদে বাকীবোৰ নলা-নৰ্দমাৰ অৱস্থা কি হৈ থাকে সেই কথা বাৰিষা কালৰ ছবিয়েই কয় ।

কৃত্ৰিম বান এতিয়া মহানগৰীৰ জনজীৱনত যমৰ যন্ত্ৰণা হৈ পৰিছে । এজাক বৰষুণতেই গুৱাহাটীত সৃষ্টি হয় কৃত্ৰিম বানৰ । কি পৰিৱেশৰ সৃষ্টি হয় সেয়া কল্পনাৰো অগোচৰ । এসময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা তৰুণ গগৈয়ে মহানগৰীত কৃত্ৰিম বানৰ প্ৰশ্নৰ সন্মুখীন হৈ কৈছিল কৃত্ৰিম বান নহয় ক'ত ? তেওঁ আনকি আমেৰিকাতো কৃত্ৰিম বান হয় বুলি প্ৰবোধ দিছিল । শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্য অনুসৰি বৰষুণ আহিলে গুৱাহাটীত বানপানী হ'বই ।

গুৱাহাটীৰ উন্নয়নৰ ক্ষেত্ৰত বিজেপি দলে যি প্ৰতিশ্ৰুতি দিছিল সেয়া ফুটুকাৰ ফেনত পৰিণত হৈছে । এই সন্দৰ্ভত বিজেপি মিত্ৰজোঁট নেতৃত্বাধীন গুৱাহাটী পৌৰ নিগমৰ পৰিষদখনত বৰ্তমান আপৰ কাউন্সিলৰ মাছুমা বেগম আৰু অসম জাতীয় পৰিষদৰ কাউন্সিলৰ হুকুমছান আলী বস্কীয়ে বিৰোধীৰ ভূমিকা গ্ৰহণ কৰি আছে । তেওঁলোকৰ মতে বিজেপি মিত্ৰজোঁট নেতৃত্বাধীন গুৱাহাটী পৌৰ নিগমৰ পৰিষদখনে গুৱাহাটীবাসীৰ আশা আকাংক্ষাবোৰ পূৰণ কৰিব পৰা নাই ।

এই সন্দৰ্ভত গুৱাহাটী পৌৰ নিগমৰ এক নম্বৰ ৱাৰ্ডৰ অসম জাতীয় পৰিষদৰ কাউন্সিলৰ হুকুমছান আলী বস্কীয়ে কয় যে গুৱাহাটী পৌৰ নিগমৰ পৰিষদ গঠন হোৱাৰ দুবছৰে সম্পূৰ্ণ হ’ব । এতিয়ালৈকে ৱাৰ্ডবোৰৰ উন্নয়নৰ কাম হোৱা নাই । যোৱা ডেৰ বছৰত ৱাৰ্ডৰ উন্নয়নমূলক কাম কৰাৰ বাবে ৰাজ্য চৰকাৰে মাত্ৰ তিনিলাখ টকা দিছে । এইখিনি এপাচি শাকত এটা জালুকৰ দৰে হৈছে । বিধায়কৰ পুঁজিও মোকলাই দিয়া নাই । গুৱাহাটীত চাৰিটা বিধানসভা সমষ্টিতে বিজেপি আৰু অগপৰ বিধায়ক আছে । বিধায়কসকল ৱাৰ্ডৰ উন্নয়নৰ বাবে কোনো গুৰুত্ব নাই । তেওঁ অভিযোগ কৰি কয় যে গুৱাহাটী পৌৰ নিগমত এতিয়া কমিছনৰাজ চলি আছে ।

ইপিনে গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ডৰ আম আদমী পাৰ্টীৰ কাউন্সিলৰ মাছুমা বেগমে কয় যে যোৱা ডেৰ বছৰত বাৰ্ডৰ উন্নয়নমূলক কাম কৰাৰ বাবে ৰাজ্য চৰকাৰে মাত্ৰ তিনিলাখ টকা দিছে । এই টকাৰে নলা এটা নিৰ্মাণ কৰাও সম্ভৱ নহয় । তেওঁ কয় যে গুৱাহাটী সকলো ৱাৰ্ডৰ ৰাস্তা-ঘাটৰ সমস্যা, বিদ্যুতৰ সমস্যা আৰু খোৱাপানীৰ সমস্যা আদি এশ এবুৰি সমস্যা আছে । মুখ্যমন্ত্ৰীয়ে পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰতিটো ৱাৰ্ডৰ উন্নয়নৰ ১০ কোটিকৈ টকা দিয়াৰ প্ৰতিশ্ৰুতি আজিলৈকে কাৰ্যকৰী হোৱা নাই বুলি তেওঁ অভিযোগ কৰে ।

লগতে পঢ়ক: ASTC Crisis : বিশাল ভূ-সম্পত্তি থাকিও মৃত্যুৰ দুৱাৰদলিত থিয় হৈ আছে ৰাজ্যৰ পৰিবহন বিভাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.