গুৱাহাটী, ২৭ জুলাই : ৰাজ্যত নিতৌ চলি আছে হত্যা-ধৰ্ষণৰ ঘটনা (Crime in Assam)। নাৰী সুৰক্ষাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শোচনীয় অৱস্থান অসমৰ । বিভিন্ন সময়ত বিভিন্ন স্থানত ধৰ্ষণ তথা নিৰ্যাতনৰ চিকাৰ হৈ আহিছে নাৰীসকল । এইবাৰ ৰাজ্যত সংঘটিত হৈছে বহিঃৰাজ্যৰ এগৰাকী যুৱতীক ধৰ্ষণৰ ঘটনা । গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা (Rape case in Guwahati) ।
গুৱাহাটী মহানগৰীৰ ভৰলুমুখ আৰক্ষী থানাৰ অন্তৰ্গত ফটাশিল আমবাৰীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা । ভাড়াঘৰত থকা হায়দৰাবাদৰ এগৰাকী যুৱতীক (২২) ধৰ্ষণ কৰি হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে হাৰিয়ানাৰ এজন যুৱকৰ বিৰুদ্ধে (Haryana youth alleged rape) । ফটাশিল আমবাৰীৰ আৰ কে চৌধুৰী পথত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো (Attempt to murder case)।
অভিযোগ অনুসৰি, সুধীৰ চৌধুৰী (২৬) নামৰ যুৱকজনে যুৱতীগৰাকীক ভাড়াঘৰলৈ মাতি আনি চাৰি দিন ধৰি ভাড়াঘৰত আবদ্ধ কৰি ধৰ্ষণ কৰি হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে (hyderabad girl raped in Guwahati) । অৱশ্যে সৌভাগ্যক্ৰমে যুৱতীগৰাকীয়ে কিবা প্ৰকাৰে পলায়ন কৰিবলৈ সক্ষম হয় । ইয়াৰ পিছতে ভুক্তভোগী যুৱতীগৰাকীয়ে গৈ মঙলবাৰে ভৰলুমুখ আৰক্ষী থানাতযুৱকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ।
ইতিমধ্যে যুৱতীগৰাকীৰ এজাহাৰ ভিত্তিত ভৰলুমুখ থানাত ভাৰতীয় দণ্ডবিধিৰ 342/325/376 ধাৰাৰ অধীনত 203/22 নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছে । উল্লেখ্য, ভৰলুমুখ আৰক্ষীয়ে ক্ষিপ্ৰ গতিত তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিয়ে যদিও অভিযুক্ত যুৱকজনে ইতিমধ্যে পলায়ন কৰে । ইফালে যুৱতীগৰাকী যোৱা ২২ জুলাইৰ পৰা যুৱকজনৰ সৈতে থকা বুলি আৰক্ষী সূত্ৰত প্ৰকাশ । আনহাতে, আৰক্ষীয়ে যুৱকজনৰ AS 01EP 2535 নম্বৰৰ চেন্ট্ৰো গাড়ীখন জব্দ কৰিছে ।
উল্লেখ্য যে, সুধীৰ চৌধুৰীয়ে পিতৃৰ সৈতে মহানগৰীৰ ভাড়াঘৰত বাস কৰিছিল । পিতৃ হাৰিয়ানালৈ যোৱাৰ সুযোগ লৈ এই ঘটনা সংঘটিত কৰে অভিযুক্ত যুৱকজনে । আনহাতে, হায়দৰাবাদৰ যুৱতীগৰাকীক কৰ্মসূত্ৰে মহানগৰীৰ হাতীগাঁৱৰ এটা ‘পেয়িং গেষ্ট’ত থাকে বুলি জানিব পৰা গৈছে । তেওঁ গণেশগুৰিৰ এটা প্ৰতিষ্ঠানত বাঁহ শিল্পৰ ডিজাইনাৰ হিচাবে কৰ্মৰত আছিল । স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, অভিযুক্তজনৰ ভাড়াঘৰলৈ পূৰ্বৰে পৰা অহা-যোৱা আছিল যুৱতীগৰাকীৰ ।
লগতে পঢ়ক :Incidents of female abuse: মুকালমুৱাত স্বামীৰ পৰিয়ালে হত্যা কৰিলে মহিলাক !