ETV Bharat / state

মানৱতাৰ নিৰ্দশনকাৰী মহানগৰী সমীপৱৰ্তী এখন গাঁও... - দিশপুৰ সমষ্টি

মহানগৰীৰ নাতিদূৰৈত অৱস্থিত এটি অঞ্চল হাজং বস্তি ৷ দিশপুৰ সমষ্টিৰ অন্তৰ্গত এইটো অঞ্চল পৰিচিত হৈছে বন্যপ্ৰাণী আৰু মানৱপ্ৰেমৰ এক সুন্দৰ নিদৰ্শন হিচাপে ৷

Hajongbasti village special story guwahati assam etv bharat news
হাজং বস্তি
author img

By

Published : Nov 3, 2020, 8:01 PM IST

গুৱাহাটী,3 নৱেম্বৰ: মহানগৰীৰ নিচেই সমীপত অৱস্থিত হ’লেও হাজং বস্তিবাসীয়ে আজিপৰ্যন্ত দেখা নাপালে উন্নয়নৰ মুখ ৷ কিন্তু মানৱীয়তাৰ দিশত কোনোকালে পিছপৰি ৰোৱা নাই হাজং বস্তিবাসী ৷ পাহাৰৰ পাদদেশত অৱস্থিত গাঁওখনলৈ খাদ্যৰ সন্ধানত নামি আহে হৰিণা, সুগৰী পহু, বন মেকুৰীকে ধৰি বিভিন্ন জীৱ জন্তু ৷ প্ৰায় তিনি শতাধিক জনজাতীয় পৰিয়ালৰ বাসস্থলী এই গাঁৱতে আছে বন্যপ্ৰাণীৰ বাবে সংৰক্ষিত এটি ৰাজহুৱা পুখুৰী ৷ পাহাৰৰ শিলৰ পৰা নিগৰি অহা পানীয়ে বাৰমাহে ভৰাই ৰাখে পুখুৰীটো ৷

বন্যপ্ৰাণী প্ৰেমৰ সুন্দৰ নিদৰ্শন হাজং বস্তি

হাজংবস্তিত নিশাৰ সমানে দিনৰ ভাগতো বিচৰণ কৰি ফুৰে বন্যপ্ৰাণীসমূহে ৷ দিনৰ ভাগত খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা বন্যপ্ৰাণীসমূহক পাৰ্যমানে খাদ্যৰ যোগান ধৰে অঞ্চলবাসীয়ে ৷ বনৰীয়া জীৱ-কুলৰে ভৰপূৰ এই বিশেষ অঞ্চলটোলৈ নাহে বন বিভাগৰ লোক ৷ কোনো সময়ত বন্যপ্ৰাণী উদ্ধাৰৰ বাবে অঞ্চলবাসীয়ে বিভাগৰ সৈতে যোগাযোগ কৰিলেও পলমকৈ জনাই সঁহাৰি ৷ এই অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷ যি সময়ত ৰাজ্যৰ ঠায়ে ঠায়ে বন্যপ্ৰাণী আৰু মানুহৰ মাজত চলা সংঘাতৰ পৰিণতি স্বৰূপে একাধিক বন্যপ্ৰাণীয়ে প্ৰাণ হেৰুৱাবলগীয়া হয় তেনেক্ষেত্ৰত হাজংবাসীয়ে বিয়পাইছে দুই জীৱকূলৰ সম্প্ৰীতিৰ এক অনন্য বতৰা ৷

লগতে চাওকঃ জীৱশ্ৰেষ্ঠৰ আক্ৰমণত আঘাতপ্ৰাপ্ত বন্যহস্তী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.