ETV Bharat / state

প্ৰবাসী অসমীয়া হাবিব মহম্মদ চৌধুৰীৰ নেতৃত্বত সামাজিক সংস্থা মুকলি

লাওছত থকা প্ৰবাসী অসমীয়া ব্যৱসায়ী হাবিব মহম্মদ চৌধুৰীৰ নেতৃত্বত শনিবাৰে জন্ম লাভ কৰে এটা সামাজিক সংস্থাই । ৰাজ্যৰ ধৰ্মীয় সংখ্যালঘু লোকসকলৰ উন্নয়নৰ বাবে গঠিত এই সংস্থাটোৰ নাম হৈছে মাইন’ৰিটি ডেভেলপমেণ্ট ছ’চিয়েল ৱেলফেয়াৰ চ’ছাইটি ।

Habib program Guwahati assam etv bharat news
সামাজিক সংস্থা মুকলি
author img

By

Published : Oct 31, 2020, 7:52 PM IST

গুৱাহাটী,31 অক্টোবৰ: লাওছত থকা প্ৰবাসী অসমীয়া ব্যৱসায়ী হাবিব মহম্মদ চৌধুৰীৰ নেতৃত্বত শনিবাৰে জন্ম লাভ কৰে এটা সামাজিক সংস্থাই । ৰাজ্যৰ ধৰ্মীয় সংখ্যালঘু লোকসকলৰ উন্নয়নৰ বাবে গঠিত এই সংস্থাটোৰ নাম হৈছে মাইন’ৰিটি ডেভেলপমেণ্ট ছ’চিয়েল ৱেলফেয়াৰ চ’ছাইটি । মহানগৰীৰ হোটেল তাজ ভিভাণ্টাত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় সংস্থাটোৰ । সংস্থাটোৰ মূল লক্ষ্য হৈছে সংখ্যালঘু জনতাৰ মনত সোমাই থকা ভয়ক মুক্ত কৰা বা স্বাধীন কৰা ।

অৰ্থাৎ বৌদ্ধ, জৈন, মুছলমান আনকি উত্তৰ-পূৰ্বাঞ্চলৰ সংখ্যালঘু জনগোষ্ঠীয় লোকৰ মনৰ পৰা ভয় আঁতৰাবলৈ এই সংস্থাৰ জন্ম বুলি অনুষ্ঠানটোত মত প্ৰকাশ কৰে ব্যৱসায়ীগৰাকীয়ে ৷ জ্ঞান আৰু শিক্ষাক মূল বিষয়বস্তু হিচাপে লৈ 2 নৱেম্বৰৰ পৰা সমগ্ৰ ৰাজ্যজুৰি এক সজাগতামূলক অভিযান চলাব সংস্থাটোৱে । ইয়াৰ বাবে এই অনুষ্ঠানতে www.mdsws.org নামেৰে এটা ৱেবচাইটো মুকলি কৰা হয় ।

হাবিব মহম্মদ চৌধুৰীৰ নেতৃত্বত সামাজিক সংস্থা মুকলি

উল্লেখ্য যে, অনুষ্ঠানটোত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাংবাদিক কনকসেন ডেকা । ভাষণ প্ৰসংগত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীয়ে কয় যে, সংখ্যালঘু লোকৰ উন্নয়ন মানে সকলোৰে উন্নয়ন, দেশখনৰে উন্নয়ন । এইসকল লোকক যদি শিক্ষা, স্বাস্থ্য আদিৰ ক্ষেত্ৰত সুযোগ-সুবিধা আগবঢ়োৱা হয়, তেন্তে তাৰ দ্বাৰা সামগ্ৰিকভাবে দেশৰে উন্নতি হ'ব । আজিৰ এই অনুষ্ঠানত কেইবাটাও ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি বক্তব্য আগবঢ়ায় ।

অনুষ্ঠানত উপস্থিত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি

উল্লেখ্য যে, প্ৰবাসী অসমীয়া ব্যৱসায়ী হাবিব মহম্মদ চৌধুৰীৰ উদ্যোগত শেহতীয়াভাৱে কোভিড 19 ৰ সংকটৰ সময়ত অসমৰ বিভিন্ন প্ৰান্তত প্ৰায় 75,000 পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হৈছিল ।

লগতে চাওকঃ কোকৰাঝাৰত পথৰ দুৰৱস্থাৰ বাবে প্ৰাণ গ’ল এজনৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.