গুৱাহাটী, ৯ জুন: গুৱাহাটী মহানগৰীত সম্ভ্ৰান্ত পৰিয়ালৰ মহিলাক লক্ষ্য কৰি সহজে ধন ঘটাৰ উদ্দেশ্যৰে এজন যুৱকে কৰি আহিছে এটাৰ পাছত আনটো অপকৰ্ম । যুৱকজনৰ নাম ধ্ৰুৱজ্যোতি তালুকদাৰ, বয়স ২৮ বছৰ । বহু অপকৰ্মত লিপ্ত থকাৰ অভিযোগ থকা যুৱকজনে এইবাৰ লক্ষ্য কৰি ল'লে গুৱাহাটীৰ ফটাশিল অঞ্চলৰ এজন ব্যৱসায়ীক । ব্যৱসায়ীজনৰ নাম শত্ৰুঘ্ন চৌহান । ব্যৱসায়ী শত্রুঘ্ন চৌহানৰ সৈতে ঘৰুৱা সম্পৰ্ক গঢ়ি তোলি ধ্ৰুৱজ্যোতি তালুকদাৰে পৰিয়ালৰ আন সদস্য সকলৰো অতি আপোন হৈ পৰে । শত্রুঘ্ন চৌহানৰ পত্নী সীমা চৌহানক(৪২) মাতৃ সম্বোধন কৰি অতি ঘনিষ্ঠ হৈ পৰে ধ্ৰুৱজ্যোতি তালুকদাৰ । কিন্তু মাতৃ-সন্তানৰ সেই সম্পৰ্কক কলুষিত কৰি ধ্ৰুৱজ্যোতি তালুকদাৰে ৩০ মে'ৰ দিনা দুই সন্তানৰ মাতৃ সীমা চৌহানক অপহৰণ কৰি লৈ যায় ।
ইতিমধ্যে ঘটনা সন্দৰ্ভত স্বামী শত্রুঘ্ন চৌহানে ফটাশিল আমবাৰী থানাত এখন এজাহাৰ দাখিল কৰে । এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৬৬ ধাৰাৰ অধীনত ৩০৪/২১ নম্বৰৰ এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে যদিও বিগত দহ দিনত দুয়োৰে কোনো শুংসূত্র উলিয়াবলৈ সক্ষম হোৱা নাই। শত্ৰুঘ্ন চৌহানে অভিযোগ কৰা মতে পত্নী সীমা চৌহানক অপহৰণ কৰি নিয়া ধ্ৰুৱজ্যোতি তালুকদাৰে পূৰ্বেও এনে ধৰণৰ ঘটনা সংগঠিত কৰাৰ তথ্য তেওঁ লাভ কৰিছে । ইটিভি ভাৰতৰ সৈতে হোৱা সাক্ষাৎকাৰত তেওঁ বৰ্ণনা কৰিলে ঘটনাৰ সবিশেষ।
লগতে পঢ়ক: এক গুলিত তিনি চিকাৰ শোণিতপুৰ আৰক্ষীৰ