ETV Bharat / state

বিৰ্তকত গুৱাহাটী বিশ্ববিদ্যালয় , উচ্চ স্তৰীয় তদন্তৰ দাবীত স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সংবাদমেল

author img

By

Published : Dec 4, 2019, 12:21 AM IST

প্ৰশ্নকাকত ফাদিল , ৱেছ ছাইট হেক পৰা আৰম্ভ কৰি ভুৱা পাঠ্যক্ৰমলৈকে বিৰ্তকই লগ এৰা নাই গুৱাহাটী বিশ্ববিদ্যালয়ক ৷ বিশ্ববিদ্যালয় খনৰ আভ্যন্তৰীণ সমস্যা আৰু কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ত বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সংবাদমেল ৷

Guwahati university students union
গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সংবাদমেল

গুৱাহাটী, 03 ডিচেম্বৰঃ এটাৰ পাছত আনটো বিতৰ্কত সোমাই পৰিছে গুৱাহাটী বিশ্ববিদ্যালয় ৷ প্ৰশ্নকাকত ফাদিল , ৱেব ছাইট হেকৰ পৰা আৰম্ভ কৰি ভুৱা পাঠ্যক্ৰমলৈকে বিৰ্তকই লগ এৰা নাই বিশ্ববিদ্যালয় খনক ৷ মঙলবাৰে বিশ্ববিদ্যালয়ৰ বিভিন্ন সমস্যা আৰু আইডলৰ দুৰ্নীতি সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাই । অসম বিধানসভাৰ শীতকালীন অধিবেশনত কেগৰ প্ৰতিবেদনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইডল পাঠ্যক্ৰমৰ বিসংগতিৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছিল ৷ কেগৰ

প্ৰতিবেদনত প্ৰকাশ পাইছিল যে, আইডল কৰ্তৃপক্ষই অনুমোদন বিহীন ভাৱে ২১ টাকৈ বিষয়ত শিক্ষাদান কৰি অন্ধকাৰ ভৱিষ্যতলৈ ঠেলি দিছে ছাত্ৰ ছাত্ৰীক । লগে লগে ৰাজ্যৰ প্ৰায় ৭৩ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰমাণ পত্ৰ ভুৱা বুলি প্ৰতিবেদনত উল্লেখ হোৱাৰ পাছতেই এতিয়া ছাত্ৰ ছাত্ৰীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ ৷ এনে পৰিস্থিতিত বিভিন্ন বিভাগত কৰ্মৰত ছাত্ৰ-ছাত্ৰীসকলৰ যাতে কোনো অসুবিধা নহয় তাৰ বাবে স্নাতকোত্তৰ ছাত্ৰ সন্থাই ব্যৱস্থা ল'ব বুলি সংবাদমেল যোগে প্ৰকাশ কৰে ৷ ইতিমধ্যেই বিষয়টো সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈয়ে এখন উচ্চস্তৰীয় কমিটি গঠন কৰি তদন্ত কৰাৰ নিৰ্দেশ দিছে । তদন্ত খৰতকীয়া কৰাৰ লগতে আইডলৰ তদানীন্তন সঞ্চালক কন্দৰ্প দাস আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ তদানীন্তন উপাচাৰ্য মৃদুল হাজৰিকাকো তদন্তৰ আঁওতালৈ অনাৰ দাবী উত্থাপন কৰে গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাই ।

ইফালে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবছাইট হেক আৰু প্ৰশ্নকাকত বিসংগতি সন্দৰ্ভতো সৰৱ হৈ উঠে স্নাতকোত্তৰ ছাত্ৰ একতা সভা । ছাত্ৰ-ছাত্ৰীসকলৰ তথ্য আৰু বিশ্ববিদ্যালয়ৰ কোনো তথ্য যাতে কোনো দুচক্ৰই সংগ্ৰহ কৰিব নোৱাৰে তাৰ বাবে অতি শীঘ্ৰে ব্যৱস্থা ল'বলৈ দাবী জনাই ছাত্ৰ একতা সভাই ৷ ইতিমধ্যে এই ক্ষেত্ৰত জালুকবাৰী আৰক্ষী চকীত বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু স্নাতকোত্তৰ ছাত্ৰ সন্থাই এজাহাৰ দাখিল কৰিছে বুলি জানিবলৈ দিয়ে স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি অনুৰাগ কল্যাণ বৰগোঁহায়ে ।

আনহাতে এই সংবাদমেলতে কেবৰ বিৰুদ্ধে বিশ্ববিদ্যালয়ে ল'ব লগা কাৰ্যসূচীৰ বিষয়ে জনালে স্নাতকোত্তৰ ছাত্ৰ সন্থাই । নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাতিলৰ দাবীত গণস্বাক্ষৰ সম্বলিত এখন স্মাৰক পত্ৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ প্ৰেৰণ কৰাৰ পদক্ষেপ হাতত লৈছে বিশ্ববিদ্যালয় ছাত্ৰসমাজে । অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সমৰ্থনত স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ পদত জয়লাভ কৰা মুন তালুকদাৰেও জাতিৰ স্বাৰ্থত বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজে কৰা কেব বিৰোধী আন্দোলনক সমৰ্থন জনাব বুলি মন্তব্য কৰে ।

Intro:গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিভিন্ন সমস্যা আৰু আইডলৰ দুৰ্নীতি সন্দৰ্ভত মংগলবাৰে এক সংবাদমেল সম্বোধন কৰে বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাই। আইডল কৰ্তৃপক্ষই অনুমোদনবিহীন ভাৱে ২১ টাকৈ বিষয়ত শিক্ষাদান কৰি অন্ধকাৰ ভৱিষ্যতলৈ ঠেলি দিছে। মুঠ প্ৰায় ৭৩হাজাৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰমাণ পত্ৰ ভুৱা বুলি কেগে দাখিল কৰা প্ৰতিবেদনত উল্লেখ হোৱাৰ পিছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত। বৰ্তমান বিভিন্ন বিভাগত কৰ্মৰত সেই সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ যাতে কোনো অসুবিধা নহয় তাৰ বাবে স্নাতকোত্তৰ ছাত্ৰ সন্থাই ল'ব ব্যৱস্থা। ইতিমধ্যেই বিষয়টো সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈয়ে এখন উচ্চস্তৰীয় কমিটি গঠণ কৰি তদন্ত কৰাৰ নিৰ্দেশ দিছে। তদন্ত খৰতকীয়া কৰাৰ লগতে আইডলৰ তদানীন্তন সঞ্চালক কন্দৰ্প দাস আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ তদানীন্তন উপাচাৰ্য মৃদুল হাজৰিকাকো তদন্তৰ আওতালৈ অনাৰ দাবী উত্থাপন কৰে গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাই। ইফালে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবছাইট হেক আৰু প্ৰশ্নকাকত বিসংগতি সন্দৰ্ভতো সৰৱ হৈ উঠে স্নাতকোত্তৰ ছাত্ৰ একতা সভা। ছাত্ৰ-ছাত্ৰীসকলৰ কোনো তথ্য আৰু বিশ্ববিদ্যালয়ৰ কোনো তথ্য যাতে কোনো দুষ্টচক্ৰই সংগ্ৰহ কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা ল'বলৈ দাবী জনাই ছাত্ৰ একতা সভাই।

Body:ইতিমধ্যেই ক্ষেত্ৰত জালুকবাৰী আৰক্ষী চকীত বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু স্নাতকোত্ত ছাত্ৰ সন্থাই এজাহাৰ দাখিল কৰিছে বুলি জানিবলৈ দিয়ে স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি অনুৰাগ কল্যান বৰগোহায়ে। আনহাতে এই সংবাদমেলতে কেবৰ বিৰুদ্ধে বিশ্ববিদ্যালয়ে ল'ব লগা কাৰ্যসূচীৰ বিষয়ে জনালে স্নাতকোত্তৰ ছাত্ৰ সন্থাই। জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাতিল দাবীত গণস্বাক্ষৰ সম্বলিত এখন স্মাৰক পত্ৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ প্ৰেৰণ কৰাৰ পদক্ষেপ হাতত লৈছে বিশ্ববিদ্যালয় ছাত্ৰসমাজে। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সমৰ্থনত স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ পদত জয়লাভ কৰা মুন তালুকদাৰেও বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজে কেবৰ বিৰোধিতা কৰি যাব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে। পূৰ্বৰ দৰে একেই স্থিতিতেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থা আছে বুলিও জানিবলৈ দিয়ে সাধাৰণ সম্পাদক মুন তালুকদাৰে।

Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.