ETV Bharat / state

গুৱাহাটী বিশ্ববিদ্যালয়ত হ'ব কোৱাৰেন্টাইন চেন্টাৰ

author img

By

Published : May 26, 2020, 5:30 PM IST

ৰাজ্য চৰকাৰৰ তৰফৰ হঠাৎ এই জাননী পোৱাত দূৰণিবটীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে হোষ্টেল খালী কৰাত অসুবিধাৰ সৃষ্টি হৈছে ৷

guwahati university hostel  quarntine  center
গুৱাহাটী বিশ্ববিদ্যালয়ত হ'ব কোৱাৰেন্টাইন চেন্টাৰ

গুৱাহাটী, 26মেঃ কোৱাৰেণ্টাইন কেন্দ্ৰ হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীনিৱাসসমূহ ৷ গৱেষক ছাত্ৰসকলৰ বাবে থকা ২টা হোষ্টেলৰ বাহিৰে আটাইবোৰ ছাত্ৰাবাস হ'ব কোৱাৰেণ্টাইন কেন্দ্ৰ । ২৭ মে'ৰ ভিতৰত সকলো শিক্ষাৰ্থীকে আৱাসত থকা তেওঁলোকৰ সামগ্ৰী লৈ যাবলৈ নিৰ্দেশ দিয়াৰ পিছত বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে খালী কৰিছে হোষ্টেলসমূহ ৷ ইপিনে বহু ছাত্ৰ-ছাত্ৰীৰ ঘৰ দূৰণিত হােৱাৰ বাবে আহিব পৰা নাই ৷ তেনে কোনোৱা ছাত্ৰ-ছাত্ৰীয়ে যদি সামগ্ৰীসমূহ নিব নোৱাৰে ৱাৰ্ডেনক সামগ্ৰীসমূহ সুৰক্ষিত কৰি ৰখাৰ নিৰ্দেশ দিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ।

তাৰ মাজতে ৰাজ্য চৰকাৰৰ তৰফৰ হঠাৎ এই জাননী পোৱাত দূৰণীবটীয়া ছাত্ৰ-ছাত্ৰীসকলে হোষ্টেল খালী কৰাত অসুবিধাৰ সন্মুখীন হৈছে । গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মুন তালুকদাৰে কোৱাৰেন্টইনৰ পিছত বিশ্ববিদ্যালয়ৰ হোষ্টেলসমূহ ছেনিটাইজ কৰি ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগী কৰি তুলিবলৈ চৰকাৰক আহ্বান জনায় ।

লগতে পঢ়কঃ কইম্বাটোৰত ইণ্ডিগ'ৰ এজন যাত্ৰীৰ দেহত COVID-19

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.