ETV Bharat / state

উপ-ৰাষ্ট্ৰপতিৰ অসম ভ্ৰমণ : মহানগৰীৰ যান-বাহন চলাচলত বিশেষ সালসলনি

author img

By

Published : Oct 3, 2021, 12:22 PM IST

উপ-ৰাষ্ট্ৰপতিৰ ভ্ৰমণ উপলক্ষে মহানগৰীৰ যান-বাহন চলাচলৰ ক্ষেত্ৰত কিছু সাল-সলনি ঘটোৱা হৈছে ৷ মহানগৰীৰ বিভিন্ন পথৰ যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত গুৱাহাটী মহানগৰ যান-বাহন শাখাৰ উপ আৰক্ষী আয়ুক্তই জাৰি কৰিছে এক নিৰ্দেশনা ৷

Traffic Police has released an important traffic advisory
উপ-ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ পূৰ্ৱে যান-বাহন চলাচলত কিছু সাল-সলনি

গুৱাহাটী , 3 অক্টোবৰ : দুদিনীয়া ভ্ৰমণসূচী লৈ দেওবাৰে গুৱাহাটীত উপস্থিত হয় উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু(M. Venkaiah Naidu) । উপ-ৰাষ্ট্ৰপতিগৰাকীৰ গুৱাহাটী ভ্ৰমণ উপলক্ষে মহানগৰীৰ বিভিন্ন পথৰ যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত কিছু নিৰ্দেশনা জাৰি কৰিছে গুৱাহাটী যান-বাহন শাখাই । গুৱাহাটী মহানগৰ যান-বাহন শাখাৰ উপ আৰক্ষী আয়ুক্তই জাৰি কৰা এই নিৰ্দেশনা অনুসৰি ৩৭ আৰু ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে পুৱা ৮ বজাৰ পৰা নিশা ৯ বজালৈ আৰু সোমবাৰে পুৱা ৫ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ সকলো গধুৰ যান-বাহনৰ চলাচল বন্ধ থাকিব ।

দেওবাৰে পুৱা ৬ বজাৰ পৰা মহানগৰীৰ ডি.জি.ৰোড, এম জি ৰোড, এফ চি ৰোড, তৈবুল্লাহ ৰোড, জি এন বি ৰোড, বি বৰুৱা ৰোড, জি এচ ৰোড আৰু পাঞ্জাবাৰী ৰোডত লঘু, মধ্যমীয়া আৰু গধুৰ সকলো ধৰণৰ বাণিজ্যিক বাহনৰ চলাচল বন্ধ ৰখাৰ নিৰ্দেশ দিছে গুৱাহাটী যান-বাহন শাখাই । তদুপৰি দেওবাৰে ভৰলুমুখৰ দিশৰ পৰা চান্দমাৰীৰ দিশলৈ গতি কৰা সকলো যান-বাহন যশৱন্ত ৰোড হৈ এইচ বি ৰোড আৰু তাৰ পিছত এন চি বি হলৰ দিশে গতি কৰি চান্দমাৰী দিশলৈ যাব পাৰিব ।

একেদৰে উজান বজাৰৰ দিশৰ পৰা মাছখোৱাৰ দিশলৈ যোৱা যান-বাহনসমূহে ডি চি কৰ্ট পইন্টৰ পৰা কমিচনাৰ পইন্টৰ দিশে গতি কৰি এইচ বি ৰোড আৰু জে.চি. দাস ৰোড (ফুল গলি) হৈ এম জি ৰোডৰ দিশে যৈব পাৰিব ।

লগতে পঢ়ক: দুদিনীয়া ভ্ৰমণসূচীৰে আজি গুৱাহাটীলৈ আহিব উপ-ৰাষ্ট্ৰপতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.