ETV Bharat / state

প্ৰথমবাৰৰ বাবে ঘৰৰ পৰাই কিনা-বেচা কৰিব পাৰিব অসমৰ চাহ! - উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

গুৱাহাটী চাহ নিলাম কেন্দ্ৰ (Guwahati Tea Auction Centre) হৈছে মূলতঃ অসমত উৎপাদিত চাহপাত বিক্ৰী কৰিবলৈ স্থাপন কৰা নিলাম কেন্দ্ৰ । অসমৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিধানসভাত জনোৱামতে অসমত প্ৰতি বছৰে ৬৫০ মিলিয়ন কেজি চাহ উৎপাদন হয় আৰু তাৰে এক তৃতীয়াংশ চাহপাত গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ জৰিয়তে বিক্ৰী হয়। কিন্তু কভিদৰ কবলত পৰি অত্যাধিক লোকচানৰ সন্মুখীন হৈছে অসমৰ চাহ উদ্যোগ ৷

work from home
গুৱাহাটী চাহ নিলাম কেন্দ্ৰ
author img

By

Published : Jun 30, 2020, 6:23 PM IST

Updated : Jul 1, 2020, 8:10 AM IST

নিউজ ডেস্ক, 30 জুনঃ ইতিহাসত প্ৰথমবাৰৰ বাবে ঘৰৰ পৰাই চাহ ক্ৰয় কৰিব ক্ৰেতাই ৷ বিশ্বৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰায় সৰহ সংখ্যক প্ৰতিষ্ঠানে Work from home ৰ জৰিয়তে কাম-কাজ অব্যাহত ৰাখিছে ৷ এই পৰিপ্ৰেক্ষিতত Work from home ৰ সিদ্ধান্ত গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰো ৷ 1 জুলাইত গুৱাহাটী চাহ নিলাম কেন্দ্ৰত অনুষ্ঠিত হ'বলগীয়া নিলামত ক্ৰেতাই Work from home ৰ জৰিয়তে অংশগ্ৰহণ কৰিব ৷ গতিকে ঘৰত বহিয়ে চাহ কিনা-বেচাৰ বাবে সাজু হৈছে চাহ নিলাম কেন্দ্ৰ ৷ পূৰ্বতে কাহানিও এনে পৰিস্থিতিৰ সন্মুখীন নোহোৱা চাহ নিলাম কেন্দ্ৰৰ প্ৰতিজন কৰ্মচাৰী, মধ্যভোগীৰ লগতে ক্ৰেতাসকল ৷

গুৱাহাটী চাহ নিলাম কেন্দ্ৰ

লগতে পঢ়কঃ আদালতত প্ৰত্যাহ্বান জনাব পাৰিব নিষিদ্ধঘোষিত চীনা এপে

এই সময়ছোৱাত বিগত বৰ্ষত চেল নম্বৰ 13 ৰ পৰা 26 লৈ চাহৰ মূল্য 148 টকা আছিল যদিও এই সময়ছোৱাত চেল নম্বৰ 13 ৰ পৰা 26 লৈ চাহৰ মূল্য 225 টকা বৃদ্ধি হৈছে ৷ পূৰ্বৰ সপ্তাহত সপ্তাহ চেল নম্বৰ 26 ৰ চাহৰ মূল্য 265 লৈ বৃদ্ধি পায়গৈ ৷ Work from home ৰ জৰিয়তে নতুন অভিলেখ গঢ়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈছে উদ্যোগীসকল ৷ বুধবাৰে পুৱা 9 বজাত চেল নম্বৰ 27 ৰ আৰম্ভণী হ'ব ৷ ইয়াত 4.55 মিলিয়ন কেজি চাহ প্ৰিন্ট কৰা হ'ব ৷ ইয়াত প্ৰায় 180 জন ক্ৰেতাই যোগদান কৰাৰ আশা প্ৰকাশ কৰিছে চাহ নিলাম কতৃপক্ষই ৷

গুৱাহাটী চাহ নিলাম কেন্দ্ৰ (Guwahati Tea Auction Centre) হৈছে মূলতঃ অসমত উৎপাদিত চাহপাত বিক্ৰী কৰিবলৈ স্থাপন কৰা নিলাম কেন্দ্ৰ । অসমৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিধানসভাত জনোৱামতে অসমত প্ৰতি বছৰে ৬৫০ মিলিয়ন কেজি চাহ উৎপাদন হয় আৰু তাৰে এক তৃতীয়াংশ চাহপাত গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ জৰিয়তে বিক্ৰী হয় । কিন্তু কভিদৰ কবলত পৰি অত্যাধিক লোকচানৰ সন্মুখীন হৈছে অসমৰ চাহ উদ্যোগ ৷ ফলশ্ৰুতিত GTAC য়ে Work from home ৰ জৰিয়তে সংকটক প্ৰত্যহ্বান জনাই 1 জুলাইত অতি উন্নত মানদণ্ডৰ তথা অত্যাধিক চাহ বিক্ৰীৰ আশা প্ৰকাশ কৰিছে ৷

Last Updated : Jul 1, 2020, 8:10 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.