গুৱাহাটী,27 ডিচেম্বৰ: প্ৰচণ্ড শীতে জোকাৰি গৈছে ৰাজ্যক । শীতৰ পৰা পৰিত্ৰাণৰ বাবে আপুনি মই পৰিধান কৰিছো গৰম কাপোৰ, জুঁহালত পৰিয়ালৰ সৈতে লৈছো জুঁইৰ উম ৷ কিন্তু এই প্ৰচণ্ড জাৰতো পদপথতে নিশা কটাইছে একাংশ লোকে ৷ কেৱল এটি আশ্ৰয়ে নহয় এখন গৰম কাপোৰৰ বাবেও হাহাকাৰ এই সকল লোকৰ ৷
মহানগৰীৰ শুক্ৰেশ্বৰ ঘাটৰ পদপথতেই অনাহাৰ অনিদ্ৰাই জীৱন অতিবাহিত কৰিছে এই পদপথাশ্ৰয়ীয়ে ৷ শীতৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁলোকৰ দেহত নাই এখন উমাল কাপোৰ নাই ক্ষুধা নিবাৰণৰ বাবে এমুঠি ভাত ৷ বহু সময়ত কিছু হৃদয়বান লোকে গৰম কাপোৰ আৰু খাদ্যৰ যোগান ধৰে যদিও সেয়া পৰ্যাপ্ত নহয় এওলোকৰ বাবে ৷ যাৰ বাবে পদপথেই শেষ আশ্ৰয় হোৱা এইসকল লোকে প্ৰচণ্ড শীতৰ মাজতো কঁপি কঁপি পাৰ কৰিব লগা হৈছে নিশা ।
আশ্ৰয়হীন এইসকল পদপথাশ্ৰয়ীৰ বাবে বহু সময়ত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰে যদিও সেয়া ক্ষন্তেকীয়া চমক হে । চৰকাৰৰ অদূৰদৰ্শিতা আৰু অৱহেলাৰ বাবে এইদৰেই বাৰাম্বাৰ অবহেলিত হৈ আহিছে এইসকল লোক ৷
লগতে পঢ়ক-অৰুণাচলৰ বিধায়কৰ পদত্যাগ জেডিইউৰ বাবে ক্ষতিকাৰকঃ আৰজেডি প্ৰবক্তা