ETV Bharat / state

গুৱাহাটী বিশ্ববিদ্যালয়ত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি সৎকাৰ

author img

By

Published : Nov 19, 2019, 11:37 PM IST

Updated : Nov 20, 2019, 2:12 PM IST

নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে গুৱাহাটী বিশ্ববিদ্যালয়ত মুখ্যমন্ত্ৰীক সৎকাৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে

গুৱাহাটী বিশ্ববিদ্যালয়তমুখ্যমন্ত্ৰীক সৎকাৰ

গুৱাহাটী,19 নৱেম্বৰ: জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ । অসমৰ সকলো দল-সংগঠনে একেমুখে ধিক্কাৰ দিছে জাতিৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা নাগৰিকত্ব সংশোধনী বিধেয়কখন । মংগলবাৰে পুনৰ বিধেয়কখনৰ বিৰুদ্ধে গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে । শ্মশান যাত্ৰা কাৰ্যসূচীৰে কেন্দ্ৰ-ৰাজ্য চৰকাৰক সকিয়নী সংগঠনটোৰ । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি শ্মশানলৈ নি দাহ কৰি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷ কোনো কাৰণতে বিধেয়কখন গৃহীত হ'বলৈ দিয়া নহ'ব বিজেপি চৰকাৰক হুংকাৰ প্ৰদান সংগঠনটোৰ । এই শ্ম'শান যাত্ৰাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক মৃত বুলি কয় প্ৰতিবাদকাৰীয়ে । ইয়াৰোপৰি বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে । আনহাতে আঞ্চলিকতাবাদৰ ধ্বজাবহনকাৰী অগপৰ স্থিতিকো তীব্ৰ সমালোচনা কৰে ছাত্ৰ সংগঠনটোৱে ।

Intro:জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ। সকলো দল-সংগঠনে একেমুখে ধিক্কাৰ দিছে জাতিৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা নাগৰিকত্ব সংশোধনী বিধেয়ক। মংগলবাৰে বিধেয়কৰ বিৰুদ্ধে গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। শ্মশান যাত্ৰা কাৰ্যসূচীৰে কেন্দ্ৰ-ৰাজ্য চৰকাৰক সকিয়নি সংগঠনটোৰ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি শ্মশানলৈ নি দাহ কৰি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। কোনো কাৰণতে বিধেয়ক গৃহীত হ'বলৈ দিয়া নহ'ব বুলি পৰিৱেশ উত্তপ্ত কৰি তোলে সংগঠনটোৱে। এই শ্মশান যাত্ৰাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাবে মৃত হোৱা বুলি কয় প্ৰতিবাদকাৰীয়ে। তাৰোপৰি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিস্থিতি উত্তাল কৰিলে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। আনহাতে আঞ্চলিকতাবাদৰ ধ্বজাবাহী অগপৰ স্থিতিকো তীব্ৰ সমালোচনা কৰে ছাত্ৰ সংগঠনটোৱে। মুঠৰ ওপৰত কেবে যে অনাগত সময়ত অধিক উত্তপ্ত কৰিব সেয়া নিশ্চিত।Body:Guwahati Conclusion:Hirul Haque

Note- English byte included
Last Updated : Nov 20, 2019, 2:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.