ETV Bharat / state

মহানগৰীৰ চচলত সদৌ অসম যৌথ মাষ্টাৰৰোল শ্ৰমিক সন্থাৰ প্ৰতিবাদ

author img

By

Published : Feb 11, 2021, 7:26 PM IST

মাষ্টাৰৰোলৰ শ্ৰমিক সকলৰ চাকৰি নিয়মীয়াকৰণৰ লগতে ৩ শতাংশকৈ দৰমহা বৃদ্ধি কৰাৰ দাবীত বৃহস্পতিবাৰে উত্তাল হৈ পৰে মহানগৰীৰ চচল ৷ প্ৰতিবাদকাৰী সকলে অতি শীঘ্ৰে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ লগতে দৰমহা বৃদ্ধিৰ বাবে দাবী জনায় ৷

guwahati-protest-sadau-assam-joint-masterroll-labor-organization-etv-bharat-assam
মহানগৰীৰ চচলত সদৌ অসম যৌথ মাষ্টাৰৰোল শ্ৰমিক সন্থাৰ প্ৰতিবাদ

কামৰূপ মেট্ট,11ফেব্ৰুৱাৰী : সদৌ অসম যৌথ মাষ্টাৰৰোল শ্ৰমিক সন্থাৰ আহ্বানত অসম কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত মাষ্টাৰৰোল শ্ৰমিক সকলৰ প্ৰতিবাদ ৷ বৃহস্পতিবাৰে মাষ্টাৰৰোলৰ শ্ৰমিক সকলৰ চাকৰি নিয়মীয়াকৰণৰ লগতে ৩ শতাংশকৈ দৰমহা বৃদ্ধি কৰাৰ দাবীত গুৱাহাটী মহানগৰীৰ চচলত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে মাষ্টাৰৰোলৰ শ্ৰমিক সকলে ৷ শ্ৰমিক সকলৰ দাবী, দীৰ্ঘদিন ধৰি মাষ্টাৰৰোলৰ কৰ্মী সকলে নূন্যতম পাৰিতোষিক লৈ নিষ্ঠা সহকাৰে সেৱা আগবঢ়াই আহিছে ৷ কিন্তু আজি পৰ্যন্ত চৰকাৰে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ নূন্যতম দৰমহা লৈয়েই কৰ্মচাৰী সকলে মৃত্যুবৰণ কৰিবলগীয়া হৈছে ৷ যাৰ বাবে বৃহস্পতিবাৰে মাষ্টাৰৰোলৰ কৰ্মীসকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷

প্ৰতিবাদকাৰী সকলৰ দাবী, যিসকল মাষ্টাৰৰোলৰ কৰ্মীৰ মৃত্যু হৈছে তেওঁলোকৰ পৰিয়াললৈ কমেও ১০ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰিব লাগিব ৷ ইয়াৰ লগতে ফিক্স পে শ্ৰমিক কৰ্মচাৰীৰ বছৰী ৩% দৰমহি বৃদ্ধি কৰা, ঘৰভাড়া, বানচ আদায় দিয়াৰ ব্যৱস্থা কৰা, গ্ৰেচুৱেটি দিয়াৰ ব্যৱস্থা কৰা , অৱসৰ গ্ৰহণ কৰাৰ পিছত পেঞ্চনৰ ব্যৱস্থা কৰা আদিৰ দাবী জনাই মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰে শ্ৰমিক সকলে ৷

অন্য এক খবৰৰ বাবে: ষ্ট্ৰ’বেৰী খেতি হ’ব পাৰে স্বাৱলম্বনৰ পথ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.