ETV Bharat / state

মহানগৰীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ চিকিৎসা কেনেকুৱা ? - চৰকাৰী চিকিৎসালয়

গুৱাহাটী মহানগৰীৰ ব্যক্তিগত চিকিৎসালয়সমূহে চিকিৎসাৰ ক্ষেত্ৰত নিৰাশ কৰা নাই জনসাধাৰণক । মহানগৰীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহে এতিয়া ৰোগীসকলক উন্নতমানৰ চিকিৎসা প্ৰদান কৰি আছে । ব্যক্তিগত চিকিৎসালয়সমূহৰ এই চিকিৎসাক লৈ সম্পূৰ্ণ সন্তুষ্ট ৰোগীৰ লগতে ৰোগীসকলৰ আত্মীয়ও।

মহানগৰীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহৰ উন্নত চিকিৎসা প্ৰদান

author img

By

Published : Apr 16, 2020, 5:18 PM IST

গুৱাহাটী, 16 এপ্ৰিল : কভিড-১৯ কৰ'ণা ভাইৰাছৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ স্বাস্থ্য বিভাগে চৰকাৰী চিকিৎসালয়সমূহ কোভিড-19ত সংক্ৰমিত ৰোগীসকলৰ বাবে সংৰক্ষিত কৰি দিয়াৰ পিছতে অন্যান্য ৰোগত আক্ৰান্ত হোৱা ৰোগীসকলেও চিকিৎসাৰ বাবে ঢাপলি মেলিছে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহত। ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে চলি থকা এই যুদ্ধত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহক সাজু থাকিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল আৰু সেইমৰ্মে চৰকাৰী চিকিৎসালয়সমূহত অন্যান্য ৰোগৰ চিকিৎসাৰ বাবে অহা ৰোগীসকলৰ উপযুক্ত চিকিৎসাৰ বাবে ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সমূহৰ সহায় বিচাৰিছিল ।

মহানগৰীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহৰ উন্নত চিকিৎসা প্ৰদান

চৰকাৰী চিকিৎসালয়সমূহ কৰ'ণা ভাইৰাছত আক্রান্ত ৰোগীসকলৰ বাবে সংৰক্ষিত কৰাৰ পিছৰে পৰা মহানগৰীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি আছে । ব্যক্তিগত চিকিৎসালয়সমূহত চিকিৎসাৰ বাবে অহা ৰোগী আৰু ৰোগীৰ আত্মীয়সকল এই চিকিৎসাক লৈ সম্পূৰ্ণ সন্তুষ্ট বুলি জানিবলৈ দিয়ে । ইয়াৰোপৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা গুৱাহাটী মহানগৰীত চিকিৎসাৰ বাবে অহা ৰোগীসকলে যাতায়তৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হৈছে যদিও সংকটজনক অৱস্থাত থকা ৰোগীসকলে এম্বুলেন্স সেৱা লাভ কৰাৰ ক্ষেত্ৰত কোনোধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা নাই বুলি ৰোগী আৰু ৰোগীৰ আত্মীয়ই এই কথা সদৰী কৰে ৷
উল্লেখ্য যে,গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল,মহেন্দ্ৰ মোহন চিকিৎসালয়ত বৰ্তমান কৰ'ণা ভাইৰাছত আক্রান্ত ৰোগীসকলক চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । সেয়েহে ৰাজ্যৰ স্বাস্থ্য বিভাগে এই চিকিৎসালয়সমূহ কৰ'ণাত আক্ৰান্ত ৰোগীসকলৰ বাবে সংৰক্ষিত কৰাৰ পিছত অন্যান্য ৰোগত আক্ৰান্ত হৈ থকা ৰোগীসকলৰ চিকিৎসাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰিছে । সম্প্ৰতি গুৱাহাটী মহানগৰীত ৩৪ খনতকৈও অধিক ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চৰকাৰী চিকিৎসালয়ত চিকিৎসাৰ বাবে অহা ৰোগীসকল চিকিৎসাধীন হৈ আছে।

লগতে পঢ়ক : অৰুণাচলৰ প্ৰথমগৰাকী কৰ’ণা আক্ৰান্ত ব্যক্তিৰ আৰোগ্য লাভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.