ETV Bharat / state

গুৱাহাটী প্ৰেছ ক্লাবত মুকলি ব্ৰেষ্ট ফিডিং কক্ষ

author img

By

Published : Mar 21, 2021, 12:19 PM IST

শনিবাৰে হেল্থ চিটি হাস্পতালৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত ব্ৰেষ্ট ফিডিং কক্ষ উদ্বোধন আৰু বিনামূলীয়া হৃদৰোগ পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয় ৷ বিশেষকৈ বিভিন্ন সময়ত গুৱাহাটী প্ৰেছ ক্লাবলৈ অহা মহিলা সাংবাদিকসকলৰ লগতে বিভিন্ন অনুষ্ঠানৰ বাবে অহা মহিলাসকলে ভূগি অহা কিছু অসুবিধাৰ সমস্যা সামাধানৰ বাবে গুৱাহাটী প্ৰেছ ক্লাবত নিৰ্মাণ কৰা হৈছে ব্ৰেষ্ট ফিডিং কক্ষ ৷

Guwahati Press Club
গুৱাহাটী প্ৰেছ ক্লাবত মুকলি ব্ৰেষ্ট ফিডিং কক্ষ

গুৱাহাটী,21মাৰ্চ: ন-ৰূপেৰে প্ৰাণ পাই উঠিছে ৫০ বছৰ গৰকা গুৱাহাটী প্ৰেছ ক্লাব ৷ গুৱাহাটী প্ৰেছ ক্লাব বুলিলেই যেন এতিয়া চিৰপৰিচিত সেই সংবাদ মেল অথবা মেল মিটিঙৰ ধাৰণা সলনি হৈছে। গুৱাহাটীস্থ সাংবাদিক-সংবাদকৰ্মীৰ হেঁপাহৰ তথা জিৰণিস্থল গুৱাহাটী প্ৰেছ ক্লাবে লাভ কৰিছে অনন্য ৰূপ ৷ আন্তঃগাঁঠনিৰ ক্ষেত্ৰতেই হওক অথবা সাংস্কৃতিক, ক্ৰীড়া তথা জনহৈতিষী কাম-কাজ, সাংবাদিক-সংবাদকৰ্মীৰ পাৰিবাৰিক কল্যাণৰ ক্ষেত্ৰতেই হওক, ঐতিহ্যমণ্ডিত গুৱাহাটী প্ৰেছ ক্লাবে বিগত এটা বছৰত উল্লেখনীয় ভূমিকা পালন কৰি আহিছে ৷

“কথাৰে নহয় বন্ধু,কামেৰে দিয়া পৰিচয়” এই বাক্যকে সৰোগত কৰি নিজৰ কাম-কাজৰ দ্বাৰা নতুনত্ব বহন কৰা গুৱাহাটী প্ৰেছ ক্লাবৰ নতুন সমিতিখনে দায়িত্বভাৰ গ্ৰহণ কৰিয়েই ব্যস্ততাৰে ভৰা সাংবাদিকতা জীৱনৰ মাজতো হেঁপাহৰ অনুষ্ঠানটোক সকলো দিশৰ পৰা সজাই-পৰাই তোলাত উঠি-পৰি লাগিছে। অনুষ্ঠানটোৰ বাবে ভূমি আৱন্তন, সাংবাদিক বাবে বিভিন্ন সময়ত বিভিন্ন সা-সুবিধা, নিজস্ব প্ৰযোজনাত নাটক মঞ্চস্থ আদি বহু দিশৰ লগতে ক্ৰীড়া ক্ষেত্ৰতো গুৱাহাটী প্ৰেছ ক্লাবৰ নাম জিলিকাই তুলিবলৈ সক্ষম হৈছে অনুষ্ঠানটোৰ প্ৰতিনিধিসকলে ৷

শেহতীয়াকৈ শনিবাৰে হেল্থ চিটি হাস্পতালৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত ব্ৰেষ্ট ফিডিং কক্ষ উদ্বোধন আৰু বিনামূলীয়া হৃদৰোগ পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয় ৷ বিশেষকৈ বিভিন্ন সময়ত গুৱাহাটী প্ৰেছ ক্লাবলৈ অহা মহিলা সাংবাদিকসকলৰ লগতে বিভিন্ন অনুষ্ঠানৰ বাবে অহা মহিলাসকলে ভূগি অহা কিছু অসুবিধাৰ সমস্যা সামাধানৰ বাবে গুৱাহাটী প্ৰেছ ক্লাবত নিৰ্মাণ কৰা হৈছে ব্ৰেষ্ট ফিডিং কক্ষ ৷ আনহাতে,উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে হেল্থ‌ চিটি হাস্পতালৰ মুখ্য সঞ্চালক ডাঃ ভৱানন্দ দাস,এম ডি ভৱানী প্ৰসাদ চক্ৰৱৰ্তী, বিশিষ্ট কণ্ঠশিল্পী দ্বীপেন বৰুৱা আৰু বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকা ৷

লগতে পঢ়কঃ কৰ'ণাত আক্ৰান্ত গোলাঘাটৰ বিজেপি মিত্ৰজোঁট প্ৰাৰ্থী অজন্তা নেওগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.