ETV Bharat / state

মহানগৰীৰ জজ খেলপথাৰত আৰম্ভ গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগ

author img

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 8:23 PM IST

দেওবাৰৰ পৰা মহানগৰীৰ জজ খেলপথাৰত আৰম্ভ হৈছে গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগ ৷ গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজিত প্ৰিমিয়াৰ লীগৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে ৷

guwahati premier football league 2023
মহানগৰীৰ জজ খেলপথাৰত আজিৰ পৰা আৰম্ভ গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগ

গুৱাহাটী, 10 ডিচেম্বৰ : মহানগৰীৰ জজ খেলপথাৰত দেওবাৰৰ পৰা আৰম্ভ হৈছে গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগ ৷ আজিৰ পৰা 30 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগ উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজিত এই প্ৰিমিয়াৰ লীগত অংশগ্ৰহণ কৰিছে ৰাজ্যৰ 14 টাকৈ ফুটবল দলে ৷

আনহাতে উক্ত উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল মন্ত্ৰী নন্দিতা গাৰ্লোছা, সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, বি চি চি আইৰ যুটীয়া সচিব দেৱজিত লন শইকীয়া, গুৱাহাটী ক্ৰীড়া সন্থাৰ সভাপতি পৰেশ চন্দ্ৰ দাসসহ কেইবাজনো বিশিষ্ট ব্যক্তি ৷

উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘‘গুৱাহাটীত ফুটবলৰ এটা ডাঙৰ ঐতিহ্য আছিল ৷ কিন্তু সময়ৰ পটভূমিত ফুটবলৰ যিটো জনপ্ৰিয়তা আছিল সেইটো বৰ্তমান স্থবিৰ হৈ পৰিছে ৷ এই স্থবিৰতা দূৰ কৰিবলৈ গুৱাহাটী ক্ৰীড়া সন্থাই হাতত লোৱা গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগৰ প্ৰচেষ্টা আদৰণীয় ৷’’

প্ৰিমিয়াৰ ফুটবল লীগৰ উদ্বোধনী ভাষণ প্ৰদান কৰি দেৱজিত লন শইকীয়াই কয়, ‘‘মুখ্যমন্ত্ৰী শৰ্মাৰ নিৰ্দেশ মৰ্মে প্ৰিমিয়াৰ ফুটবল লীগ ইতিমধ্যে নৱেম্বৰ মাহৰ 11 তাৰিখৰ পৰা যুৱ আৰু শিশু পৰ্যায়ৰ লীগৰ আৰম্ভ হৈছিল ৷ য’ত 124 টা ফুটবল দলে অংশগ্ৰহণ কৰিছে ৷ এই ফুটবল লীগৰ বিজয়ী দলে লাভ কৰিব 30 লাখ টকাৰ পুৰস্কাৰ ৷’’

উল্লেখ্য যে, আজিৰ এই উদ্বোধনী খেলখন এন আৰ এল বনাম এন এফ এছৰ মাজত অনুষ্ঠিত হয় ৷ ৰাজ্যৰ প্ৰতিভাৱান ফুটবলাৰ খেলুৱৈসকলক এখন মঞ্চ দিয়াৰ উদ্দেশ্যেৰে এই প্ৰতিযোগিতা আয়োজন কৰা হৈছে বুলি উল্লেখ কৰে আয়োজক সমিতিয়ে ৷ এমাহ ধৰি চলিবলগীয়া এই ফুটবল লীগৰ চূড়ান্ত মেচখন অনুষ্ঠিত হ'ব অহা 10 জানুৱাৰীত ।

লগতে পঢ়ক : 100 শতাংশ অসমীয়াক চাকৰি প্ৰদান; সমষ্টি পুনৰ নিৰ্ধাৰণেৰে অসম চুক্তিৰ 6 নং দফা প্ৰায় ৰূপায়ন কৰিলো: মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.