ETV Bharat / state

মহানগৰীত যাত্ৰীৰ পৰা গুলপীয়া বাছ সম্পৰ্কে অভিমত গ্ৰহণ - pink bus

মঙলবাৰে পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্টৰায়ৰ নেতৃত্বত পৰীক্ষণ চলোৱা হয় গুলপীয়া বাছ সেৱাৰ ৷ অনাগত সময়ত ৰাজ্যৰ বিভিন্ন জিলাসমূহতো এই বাছ সেৱা আৰম্ভ কৰা হ’ব বুলি জনায় অসম পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্টৰায়ে ৷

As-ghy-guwahati-pink-bus-service-inspecti_vis-as10003
মহানগৰীত গুলপীয়া বাছৰ চলাচল পৰীক্ষণ
author img

By

Published : Jan 12, 2021, 7:23 PM IST

গুৱাহাটী,12 জানুৱাৰী : মঙলবাৰে মহানগৰীত গুলপীয়া বাছৰ পৰীক্ষণ চলালে অসম পৰিবহণ নিগমে ৷ পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্টৰায়ৰ নেতৃত্বত বছসমূহৰ চলাচল পৰীক্ষা কৰা হয় ৷ মহানগৰীৰ গণেশগুৰি বাছ আস্থানত মহিলা যাত্ৰী সকলে কিবা অসুবিধা পাইছে নেকি তাৰো বুজ লয় অধ্যক্ষ গৰাকীয়ে ৷ আনহাতে, কিছুদিন চলাৰ পিছতে এই বাছসমূহৰ চলাচল বন্ধ কৰি নিদিবলৈয়ো পৰিহন নিগমৰ অধ্যক্ষগৰাকীক আহ্বান জনায় যাত্ৰীসকলে ৷

মহানগৰীত গুলপীয়া বাছৰ চলাচল পৰীক্ষণ

উল্লেখ্য যে, গুৱাহাটী মহানগৰীত মহিলা আৰু বয়োজ্যেষ্ঠ লোকসকলৰ সুবিধাৰ্থে ২৫ খনকৈ গুলপীয়া বাছ সেৱাৰ আৰম্ভ কৰা হৈছিল ৷ বিগত 9 জানুৱাৰীত 'ভ্ৰমণ সাৰথি' নামেৰে বিনামূলীয়া বাছ সেৱাৰ শুভাৰম্ভ কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ অনাগত সময়ত গুৱাহাটী মহানগৰীৰ উপৰিও ৰাজ্যৰ বিভিন্ন জিলাসমূহতো এই গুলপীয়া বাছ সেৱা আৰম্ভ কৰা হ’ব বুলি জনায় অসম পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্টৰায়ে ৷

লগতে পঢ়ক-মহানগৰীৰ ৰাজপথত গুলপীয়া বাছ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.