গুৱাহাটী,10 জানুৱাৰী: হঠাৎ গুলপীয়া হৈ পৰিল গুৱাহাটী মহানগৰীৰ ৰাজপথ ৷ অসম ৰাজ্যিক পৰিবহণ নিগমৰ উদ্যোগত মহিলা আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে মুকলি কৰা হ’ল 'ভ্ৰমণ সাৰথি' নামেৰে বিনামূলীয়া বাছ সেৱা ৷ মহানগৰীৰ খানাপাৰাস্থিত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত এই বাছ সেৱাৰ শুভ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ ইয়াৰ উপৰিও এই উদ্বোধনী অনুষ্ঠানটোত উপস্থিত থাকে মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰী, অসম পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্ট, পৰিচালনা সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীৰ লগতে অসম পৰিবহণ নিগমৰ বহুকেইগৰাকী বিষয়া ৷
লগতে পঢ়ক-মহানগৰীত মেজিৰ বজাৰ: পৰম্পৰা ৰক্ষাৰ বাবে মিষ্টাৰ অসম বাবুল চেতিয়াৰ পদক্ষেপ