ETV Bharat / state

পাণ্ডুৰ বিকি সূত্ৰধৰৰ হত্যাকাৰীৰ সন্ধান লাভ আৰক্ষীৰ

author img

By

Published : Oct 5, 2020, 10:41 PM IST

মহানগৰীৰ মালিগাঁৱৰ লক কলনিত শুকুৰবাৰে নিশা সংঘটিত হোৱা বিকি সূত্ৰধৰ হত্যাকাণ্ডৰ হত্যাকাৰীৰ কিছু তথ্য লাভ কৰিছে আৰক্ষীয়ে ৷ হত্যকাণ্ডত সেই অঞ্চলৰে অজয় গোৱালা নামৰ যুৱকজন জড়িত থকাৰ সন্দেহ প্ৰকাশ স্থানীয় ৰাইজ আৰু আৰক্ষীৰ ৷

Guwahati Pandu biki murder case follow up
পাণ্ডুৰ বিকি সূত্ৰধৰৰ হত্যাকাৰীৰ সন্ধান লাভ আৰক্ষীৰ

গুৱাহাটী,5 অক্টোবৰ: গুৱাহাটী মহানগৰীৰ মালিগাঁৱৰ লক কলনিত শুকুৰবাৰে নিশা সংঘটিত হোৱা লোমহৰ্ষক হত্যাকাণ্ডৰ হত্যাকাৰীৰ কিছু তথ্য লাভ আৰক্ষীৰ ৷

উল্লেখ্য যে,বাঁহেৰে মৰিয়াই মৰিয়াই হত্যা কৰা হৈছিল বিকি সূত্ৰধৰ নামৰ যুৱকজনক । শনিবাৰে পুৱা হত্যাকাণ্ডৰ খবৰ লাভ কৰাৰ পিছত জালুকবাৰী আৰক্ষীয়ে ঘটনা তদন্ত আৰম্ভ কৰে। প্ৰথম পৰ্যায়ত স্নিফাৰ ডগৰ সহায়ত আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত।

ইফালে,ঘটনা সংঘটিত হোৱাৰ পাচৰে পৰা সন্ধানহীন হৈ আছে সেই অঞ্চলৰ অজয় গোৱালা নামৰ আন এজন যুৱক। মৃতদেহ উদ্ধাৰ হোৱা স্থানৰ সমীপৰ হাবিত এটা জুপুৰিত আছিল অজয়ৰ আড্ডা । বিভিন্ন চুৰিকাণ্ড আৰু অপৰাধজনিত কাণ্ডত অজয় গোৱালা জড়িত আছে বুলি জানিব পৰা গৈছে ৷

অজয় গোৱালাই বিকি সূত্ৰধৰক হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে । ইতিমধ্যে পলাতক অজয় গোৱালাক বিচাৰি অভিযান অব্যাহত ৰাখিছে জালুকবাৰী আৰক্ষীয়ে ।

লগতে পঢ়ক: লালুকত এচিড আক্ৰমণৰ ঘটনা, আহত 6

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.