ETV Bharat / state

মহানগৰীৰ চাৰিশ ব্যৱসায়ীক প্ৰতিষ্ঠানত পৌৰ নিগমৰ হাঁতোৰা - GMC evicted unathorised fish meat and vegetable shops

মহানগৰীত প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ অবৈধভাৱে মহানগৰীত ব্যৱসায় কৰি থকা ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে প্ৰশাসন হাঁতোৰা ৷ মঙলবাৰে মহানগৰীৰ বিভিন্ন প্ৰান্তত অবৈধভাৱে ব্যৱসায় কৰি থকা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা ১০,০০০ টকাকৈ জৰিমণা আদায় কৰাৰ লগতে বহু পৰিমাণৰ কেঁচা সামগ্ৰী জব্দ কৰে ৷

Guwahati Municipal Corporation evicted 400 illegal shop
মহানগৰীত প্ৰশাসনৰ উচ্ছেদ অভিযান
author img

By

Published : Dec 21, 2021, 9:45 PM IST

গুৱাহাটী, 21 ডিচেম্বৰ : গুৱাহাটী মহানগৰীত অবৈধভাৱে ব্যৱসায় চলাই থকা ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে প্ৰশাসন হাঁতোৰা ৷ পৌৰ নিগমৰ ট্ৰেড লাইচেঞ্চ নোহোৱাকৈ অবৈধভাৱে মহানগৰীত ব্যৱসায় কৰি থকা ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে মঙলবাৰে গুৱাহাটী পৌৰ নিগমে (Guwahati Municipal Corporation) চলাই এক অভিযান ৷ এই অভিযানত গুৱাহাটী পৌৰ নিগমে উচ্ছেদ কৰে কেইবাখনো শাক-পাচলিৰ দোকানৰ লগতে মাছ-মাংস বিক্ৰী কৰা দোকানো (GMC drive against unathorised illegal shops in Guwahati) ৷

Guwahati Municipal Corporation evicted 400 illegal shop
মহানগৰীত অবৈধভাৱে ব্যৱয়ায় কৰা ৪০০ খন ব্যৱসায়ীক প্ৰতিষ্ঠানত পৌৰ নিগমৰ হাঁতোৰা

কেৱল উচ্ছেদ কৰাই নহয়, অস্বাস্থ্যকৰ পৰিৱেশত নীতি বহিঃভূত ভাৱে ব্যৱসায় চলাই যোৱা ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা জৰিমণাও আদায় কৰে গুৱাহাটী পৌৰ নিগমে ৷ গুৱাহাটী পৌৰ নিগমৰ পশু চিকিৎসা শাখাৰ অভিযানকাৰী দলটোৱে মহানগৰ আৰক্ষীৰ সহযোগত মহানগৰীৰ বি কে কাকতি পথ, উলুবাৰী, চেৰাপভাটি, ফটাশিল আমবাৰীৰ গুৱাহাটী পৌৰ নিগমৰ বজাৰ, লাল গণেশ, লখৰা, এ কে আজাদ পথ, কলনি বজাৰ আৰু ফটাশিল আমবাৰী আদি অঞ্চলত চলাই এই অভিযান ৷

Guwahati Municipal Corporation evicted 400 illegal shop
মহানগৰীত প্ৰশাসনৰ উচ্ছেদ অভিযান

লগতে পঢ়ক : GMC drive against unathorised meat vendors : মহানগৰীত ২৫৯ খন মাংসৰ আৰু মাছৰ দোকান উচ্ছেদ

অভিযানত গুৱাহাটী পৌৰ নিগমৰ পশু চিকিৎসা শাখাৰ অভিযানকাৰী দলেটোৱে অস্বাস্থ্যকৰ পৰিৱেশত নীতি বহিঃভূত ভাৱে মাছ-মাংস আৰু শাক-পাচলি বিক্ৰী কৰা ব্যৱসায়ীৰ পৰা ১০,০০০ টকাৰ জৰিমণা আদায় কৰে । লগতে ১৫০ কিলোগ্ৰাম ছাগলীৰ মাংস, ১০০ কিলোগ্ৰাম হাঁহ কুকুৰাৰ মাংস, ২৫০ কিলোগ্ৰাম মাছ আৰু ৬০০ কিলোগ্ৰাম শাক-পাচলি পাচলি জব্দ কৰে ।

উল্লেখ্য যে, মঙলবাৰৰ দিনটোত পৌৰ নিগমৰ ট্ৰেড লাইচেঞ্চ নোহোৱাকৈ অবৈধভাব ব্যৱসায়ী চলাই থকা ৪০০ খন মাছ-মাংস আৰু শাক-পাচলিৰ দোকান উচ্ছেদ (GMC evicted unathorised fish meat and vegetable shops) কৰে ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে, গুৱাহাটী পৌৰ নিগমৰ পশু চিকিৎসা শাখাৰ পশু চিকিৎসা বিষয়া প্ৰদীপ মেধিয়ে ৷

লগতে পঢ়ক : Shortage of man power in GMC : মহানগৰ পৰিষ্কাৰ কৰি ৰাখিবলৈ সৃষ্টি হৈছে সমস্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.