ETV Bharat / state

মালিগাঁও হত্যাকাণ্ড: সুৰাপান কৰাই স্বামীক হত্যা পত্নীৰ

আৰক্ষীৰ জেৰাত হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছে ধৃত শীলা দাসে । শীলাই আৰক্ষীক দিয়া ভাষ্য অনুসৰি, তেওঁ প্ৰেমিকৰ হতুৱাই হত্যা কৰিছে স্বামী গৌবিন্দ দাসক । প্ৰথমে গোবিন্দ দাসক অত্যাধিক সুৰাপান কৰোৱাই দুয়োৱে মিলি ডিঙি চেপি হত্যা কৰে ৷

author img

By

Published : May 6, 2019, 6:27 PM IST

সুৰাপান কৰাই স্বামীক হত্যা পত্নীৰ

গুৱাহাটী, 6 মে': মালিগাঁৱৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ নতুন মোৰ । বিগত 2 মে'ত মালিগাঁও নামবাৰীৰ ৰে'লৱে অফিচাৰ্চ কলনিত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হৈছিল গৌবিন্দ দাস নামৰ এগৰাকী ঠেলাচালকৰ মৃতদেহ । এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল গৌবিন্দৰ পত্নী শীলা দাসক । আৰক্ষীৰ জেৰাত হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছে ধৃত শীলা দাসে । শীলাই আৰক্ষীক দিয়া ভাষ্য অনুসৰি, তেওঁ প্ৰেমিকৰ হতুৱাই হত্যা কৰিছে স্বামী গৌবিন্দ দাসক । প্ৰথমে গোবিন্দ দাসক অত্যাধিক সুৰাপান কৰোৱাই দুয়োৱে মিলি ডিঙি চেপি হত্যা কৰে গৌবিন্দক । ইতিমধ্যে আৰক্ষীয়ে 548/18 নম্বৰত এটা গোচৰ ৰুজু কৰি আগবঢ়াইছে ঘটনাৰ তদন্ত প্ৰক্ৰিয়া । ইফালে শীলা দাসৰ ভাষ্যৰ ভিত্তিত আৰক্ষীয়ে দেওবাৰে বৰপেটাৰ পৰা গ্ৰেপ্তাৰ কৰে প্ৰেমিক মহন্ত দাসক । দুয়োকে পৃথকে পৃথকে জেৰা চলাই ঘটনাৰ প্ৰকৃত ৰহস্য ভেদ কৰিবলৈ জালুকবাৰী আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত । আনহাতে, এই ঘটনাত কোনো প্ৰকাৰে জড়িত নাই বুলি উল্লেখ কৰে অভিযুক্ত মহন্ত দাসে । এয়া তেওঁৰ বিৰুদ্ধে এক ষড়যন্ত্ৰ বুলিও কয় অভিযুক্ত মহন্ত দাসে ।

Intro:মালিগাঁৱৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ নতুন মোৰ। ২মে'ত মালিগাঁও নামবাৰীৰ ৰেলৱে অফিচাৰ্চ কলনিত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হৈছিল গৌবিন্দ দাস নামৰ এগৰাকী ঠেলাচালকৰ মৃতদেহ। এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল গৌবিন্দ পত্নী শীলা দাসক। আৰক্ষীৰ জেৰাত হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছে ধৃত শীলা দাসে। শীলাই আৰক্ষীক দিয়া ভাষ্য অনুসৰি তেওঁ প্ৰেমিকৰ হতুৱাই হত্যা কৰিছে স্বামী গৌবিন্দ দাসক। প্ৰথমে গোবিন্দ দাসক অত্যাধিক সুৰাপান কৰোৱাই দুয়োৱে মিলি ডিঙি ছেপি হত্যা কৰিছিল। ইতিমধ্যেই আৰক্ষীয়ে ৫৪৮/১৮ নম্বৰত এটা গোচৰ ৰুজু কৰি আগবঢ়াইছে ঘটনাৰ তদন্ত প্ৰক্ৰিয়া। Body:ইফালে শীলা দাসৰ ভাষ্যৰ ভিত্তিত আৰক্ষীয়ে দেওবাৰে বৰপেটাৰ পৰা গ্ৰেপ্তাৰ কৰে প্ৰেমিক মহন্ত দাসক। দুয়োকে পৃথকে পৃথকে জেৰা চলাই ঘটনাৰ প্ৰকৃত ৰহস্য ভেদ কৰিবলৈ জালুকবাৰী আৰক্ষীয়ে আৰম্ভ তদন্ত। আনহাতে এই ঘটনাত কোনো প্ৰকাৰে জড়িত নাই বুলি উল্লেখ কৰে অভিযুক্ত মহন্ত দাসে। এয়া তেওঁ বিৰুদ্ধে এক ষড়যন্ত্ৰ বুলিও কয়। Conclusion:Hirul Haque....guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.