গুৱাহাটী, 17 অক্টোবৰ: লিঅ' এডভাৰটাইজিঙৰ বৃহৎ আয়োজন। গুৱাহাটী মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত হ'ব 19 সংখ্যক আন্তঃৰাষ্ট্ৰীয় লিঅ' এক্সপ' । 25 অক্টোবৰ পৰা 18 নৱেম্বৰলৈ অনুষ্ঠিত হবলগীয়া এক্সপ'খনত অংশ গ্ৰহণ কৰিব বিদেশী ৰাষ্ট্ৰয়ো। এক্সপ' সন্দৰ্ভত গুৱাহাটী প্ৰেছক্লাবত এখন সংবাদমেল আয়োজন কৰি এই বিষয়ে জনায় এক্সপ'ৰ ব্ৰেণ্ডএম্বেচাদৰ নিশিতা গোস্বামীয়ে ৷ এই এক্সপ'ত থাকিব বিদেশী ৰাষ্ট্ৰৰ ভিতৰত থাইলেণ্ড , বাংলাদেশ, আফগানিস্থান, শ্ৰীলংকা, ভিয়েটনাম আদি কৰি বহু কেইখন ৰাষ্ট্ৰ। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ ব্যৱসায়ীসকলে ভিন্ন ধৰণৰ সমগ্ৰীৰে পোহাৰ মেলিব লগা আন্তঃৰাষ্ট্ৰীয় মেলাখনত থাকিব অসমৰ পৰম্পৰাগত বয়ন শিল্পৰ পৰা আৰম্ভ কৰি দেশী বিদেশী বহু খাদ্য সামগ্ৰী । গ্ৰাহকৰ বাবে পুৱা 11 বজাৰ পৰা নিশা 9 বজালৈ খোলা থাকিব এক্সপ । লিঅ' এক্সপ' ৰ মূল প্ৰৱেশৰ মাচুল ধাৰ্য কৰিছে 30 টকা।
উল্লেখ্য যে 400 ৰো অধিক বিপনীয়ে অংশ গ্ৰহণ কৰিব লগীয়া এইবাৰৰ লিঅ' এক্সপ' ৰ মূল মঞ্চখন অপেৰা হাউচৰ আৰ্হিত নিৰ্মান কৰিব আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন শিল্পী নুৰুদ্দিন আহমেদ। মূল মঞ্চত প্ৰতিদিনে অনুষ্ঠিত হব বিভিন্ন সাংস্কৃতিক অনুষ্ঠান। সাংস্কৃতিক অনুষ্ঠানৰ উপদেষ্টা হিচাপে আছে মনীষা হাজৰিকা। এইবাৰৰ লিঅ' এক্সপ'ত অংশগ্রহণ কৰিবলগীয়া বিভিন্ন প্ৰতিষ্ঠানে ৰেহাই মূল্যত সামগ্ৰী বিক্ৰীৰ ব্যৱস্থা কৰা বুলি সংবাদ মেলখনত জানিবলৈ দিয়ে।