ETV Bharat / state

মহানগৰীৰৰ 7 স্থানত ভূমিস্খলনৰ সম্ভাৱনা

মহানগৰীৰ 7টা স্থানত সংঘটিত হ’ব পাৰে যিকোনো সময়ত ভূমিস্খলন । ভূমিস্খলনৰ দৰে সমস্যাৰ সমাধান কৰিবলৈ লোৱা হৈছে বহু পদক্ষেপ ৷ এই বিষয়ে জনালে অতিৰিক্ত জিলা উপায়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে ৷

মহানগৰীৰৰ ভূমিস্খলন সম্ভাব্য 7 স্থান
author img

By

Published : Jul 12, 2019, 8:16 PM IST

গুৱাহাটী, 12 জুলাই : মহানগৰীত বাৰিষা কালত হোৱা দুটা সমস্যা হৈছে কৃত্ৰিম বান আৰু ভূমিস্খলন । কৃত্ৰিম বানৰ সমস্যাৰ সমান্তৰালকৈ গুৱাহাটীৰ বহু ঠাইত এতিয়া সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা । কেৱল ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱাই নহয় ভূমিস্খলনৰ ফলত মৃত্যু মুখত পৰিছে লোক। কিন্তু কিয় সংঘটিত হৈছে ভূমিস্খলনৰ দৰে ঘটনা? কি পদক্ষেপ লৈছে প্ৰশাসনে? বৰ্তমান মহানগৰীৰ কোন কোন ঠাইত ভূমিস্খলন হোৱাৰ সম্ভাৱনা আছে? এই বিষয়ে জনালে অতিৰিক্ত জিলা উপায়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে ৷

মহানগৰীৰৰ ভূমিস্খলন সম্ভাব্য 7 স্থান

মহানগৰীৰ 7 খন ঠাই ভূমিস্খলন সম্ভাব্য স্থান হিচাপে নিৰূপণ কৰা হৈছে । মহানগৰীৰ নুনমাটি, খাৰঘুলি, চুনচালি, ফটাশিল, হেঙেৰাবাৰী , যোৰাবাটত সংঘটিত হ’ব পাৰে যিকোনো সময়ত ভূমিস্খলন । চৰকাৰৰ বাৰম্বাৰ সকিয়নীৰ পিছতো মহানগৰবাসীয়ে মাটি খনন কাৰ্য চলাই আহিছে যাৰ ফলত সংঘটিত হৈছে মানৱ সৃষ্ট ভূমিস্খলনৰ লগতে প্ৰাকৃতিকভাবে হোৱা ভূমিস্খলনো । এই মন্তব্য অতিৰিক্ত উপায়ুক্তগৰাকীৰ ৷ তেওঁ জানিবলৈ দিয়া অনুসৰি কৃত্ৰিম বানৰ সমস্যাৰ বাবে ইতিমধ্যেই গুৱাহাটী পৌৰ নিগমৰ লগ হৈ জিলা প্ৰশাসনে গুৱাহাটীৰ নলা নৰ্দমা চাফ চিকুন কৰা কাৰ্য চলাই আছে । কৃত্ৰিম বানৰ সমান্তৰালকৈ ভূমিস্খলনৰ দৰে সমস্যাৰ সমাধান কৰিবলৈ লৈছে বহু পদক্ষেপ ৷ উল্লেখ্য যে, এক মে’ৰ পৰাই পাহাৰ খনন কাৰ্য বন্ধ কৰা হৈছিল যদিও প্ৰশাসনৰ চকুৰ আগতেই পাহাৰ খনন চলি থকাৰ অভিযোগ ৷ এইক্ষেত্ৰত আগন্তুক সময়ত প্ৰশাসনে কি পদক্ষেপ ল’ব সেইটো সময়েহে ক’ব ৷

Intro: মহানগৰীত বাৰিষা কালত হোৱা দুটা সমস্যা হৈছে এক কৃত্ৰিম বান পানী আৰু আন এক ভূমিস্খলন। কৃত্ৰিম বানপানী সমস্যাৰ সমান্তৰালকৈ গুৱাহাটীৰ বহু ঠাইত এতিয়া সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। কেৱল ভূমিস্খলন ঘটনা সংঘটিত হোৱাই নহয় ভূমিস্খলনৰ ফলত মৃত্যু মুখত পৰিছে লোক। কিন্তু কিয় সংঘটিত হৈছে ভূমিস্খলনৰ দৰে ঘটনা? কি পদক্ষেপ লৈছে প্ৰশাসনে? বৰ্তমান মহানগৰীৰ কোন কোন ঠাইত ভূমিস্খলন হোৱাৰ সম্ভাৱনা আছে ?

Body: মহানগৰীৰ 7 খন ঠাই ভূমিস্খলন সম্ভাব্য ঠাই হিচাপে নিৰূপণ কৰা হৈছে। মহানগৰীৰ নুনমাটি, খাৰঘুলি, চানচুলি, ফটাশীল হেঙেৰাবাৰী জোৰাবাটত সংঘটিত হব পাৰে যিকোনো সময়ত ভূমিস্খলন। চৰকাৰৰ বাৰম্বাৰ সকিয়নীৰ পিছতো মহানগৰ বাসীয়ে মাটি খনন কাৰ্য চলাই আহিছে যাৰ ফলত সংঘটিত হৈছে মানৱ সৃষ্ট ভূমিস্খলনৰ লগতে প্ৰাকৃতিক ভাবে হোৱা ভূমিস্খলনো। এই দুৰ্যোগৰ পৰা মহানগৰ বাসীক সুৰক্ষিত কৰাৰ উদ্দেশ্য প্ৰশাসনে লৈছে বহু পদক্ষেপ ।অতিৰিক্ত জিলা উপায়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে জানিবলৈ দিয়া অনুসৰি কৃত্ৰিম বানৰ সমস্যাৰ বাবে ইতিমধ্যেই গুৱাহাটী পৌৰ নিগমৰ লগ হৈ গুৱাহাটীৰ নলা নৰ্দমা চফা কৰা কাৰ্য্য চলাই আছে। কৃত্ৰিম বানপানীৰ সমান্তৰালকৈ ভূমিস্খলনৰ দৰে সমস্যাৰ সমাধান কৰিবলৈ লৈছে।বহু পদক্ষেপ।
Bite:-বিদ্যুৎ বিকাশ ভাগৱতী।
ভূমিস্খলন সমস্যাৰ সমাধানৰ বাবে 15 তাৰিখৰ পৰা সজাগতামূলক কাৰ্যসূচী লোৱাৰ লগতে পাহাৰ এলেকাত বসবাস কৰা প্ৰতি ঘৰ মানুহক কেনেকৈ জীৱন নিৰ্বাহ কৰিব লাগে লগতে গছপুলি ৰোপনৰ দৰে কাৰ্যসূচী হাতত লব।
Bite:-

Conclusion:এক মেৰ পৰাই পাহাৰ খনন কাৰ্যসূচী বন্ধ কৰা হৈছিল যদিও প্ৰকৃততে পাহাৰ খনন চলিয়েই আছিল প্ৰশাসনৰ চকুৰ আগতেই। কিন্তু প্ৰশাসনৰ চকুৰ আগতেই খনন চলি থকাৰ তৎসত্বেও প্ৰশাসনে সঠিক পদক্ষেপ নোলোৱাৰ ফলতে লগতে মানৱ সমাজৰ অবিবেচনামূলক কাৰ্যৰ পৰিণতিতেই মহানগৰীত এনেধৰণৰ সমস্যা দেখা দিয়ে সময়ে সময়ে। গতিকে সমস্যা সমাধানৰ বাবে ৰাইজৰ সহযোগিতা কামনা কৰিছে সেইবাবে প্ৰশাসনে মুকলি কৰিছে 1107 ফোন নম্বৰ। এতিয়া অনাগত দিনত পৰিলক্ষিত হব ভূমিস্খলন সমস্যাৰ স্থায়ী সমাধান উলিয়াবলৈ সক্ষম হব নে প্ৰশাসনে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.