ETV Bharat / state

APSC গোচৰত নিলম্বিত বিষয়াৰ আবেদন খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ - নিলম্বিত বিষয়াৰ আবেদন খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

বৰ্খাস্তকৰণ প্ৰক্ৰিয়া আইন বিৰোধী হোৱাৰ অভিযোগ উত্থাপন কৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল APSCৰ নিলম্বিত বিষয়াসকল । সৰ্বমুঠ 49 গৰাকী বৰ্খাস্ত হোৱা বিষয়াই আৱেদন জনাইছিল আৰু আটাইকেইখন আৱেদনেই খাৰিজ কৰে ন্যায়ালয়ে ।

Guwahati High Court rejects plea of suspended APSC officers
APSC গোচৰত নিলম্বিত বিষয়াৰ আবেদন খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
author img

By

Published : Mar 18, 2020, 8:04 PM IST

কামৰূপ,18 মাৰ্চঃ APSC গোচৰত গ্ৰেপ্তাৰ হোৱা আটাইকেইগৰাকী নিলম্বিত বিষয়াৰ আবেদন খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ । বৰ্খাস্তকৰণ প্ৰক্ৰিয়া আইন বিৰোধী হোৱাৰ অভিযোগ উত্থাপন কৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল নিলম্বিত বিষয়াসকল । এমাহ পূৰ্বে গোচৰটোৰ চূড়ান্ত শুনানি গ্ৰহণ কৰি ৰায়দান সংৰক্ষিত ৰাখিছিল উচ্চ ন্যায়ালয়ে । চৰকাৰী পক্ষৰ হৈ উচ্চ ন্যায়ালয়ত যুক্তি দিছিল উচ্চতম ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা মনিন্দৰ সিং আৰু নলীন কহলিয়ে ।

APSC গোচৰত নিলম্বিত বিষয়াৰ আবেদন খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

উল্লেখ্য যে, সৰ্বমুঠ 49 গৰাকী বৰ্খাস্ত হোৱা বিষয়াই আৱেদন জনাইছিল আৰু আটাইকেইখন আৱেদনেই খাৰিজ কৰে ন্যায়ালয়ে । মুঠ ৭১ জন ৰাজপত্ৰিত বিষয়াই বৰ্খাস্তকৰণৰ স্থগিতাদেশ বিচাৰি আবেদন কৰিছিল । বৰ্খাস্ত হোৱা বিষয়া সকলৰ অভিযোগ আছিল পক্ষ নুশুনাকৈয়ে চৰকাৰে বৰ্খাস্ত কৰিছিল তেওঁলোকক । ইয়াৰ পূৰ্বেও বৰ্খাস্ত হোৱা বিষয়াই বৰ্খাস্তকৰণত স্থগিতাদেশ প্ৰদানৰ বাবে আবেদন কৰিছিল । কিন্তু শেহতীয়া শুনানীয়ে সকলো অভিযুক্তৰে বৰ্খাস্তকৰণ খাৰিজ হোৱাটো একপ্ৰকাৰৰ নিশ্চিত কৰে ।

লগতে পঢ়ক-কৰ'ণা ভাইৰাছ লৈ সতৰ্কতা অবলম্বনৰ আহ্বান যোৰহাট জিলা উপায়ুক্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.