গুৱাহাটী, ২৪ ফেব্ৰুৱাৰী: কীটনাশক দ্রব্য মিহলি শাক-পাচলিৰ বিক্ৰীয়ে মানৱ শৰীৰত বিভিন্ন ৰোগৰ সৃষ্টি কৰে । বৰ্তমান সময়ত কীটনাশক দ্রব্য মিহলি শাক-পাচলি বিক্ৰীৰ ব্যাপকভাৱে বৃদ্ধি পাইছে । গুৱাহাটী চহৰত শেহতীয়াকৈ কীটনাশক দ্রব্য মিহলি শাক-পাচলিৰ বিক্ৰী বন্ধ কৰাৰ বাবে এগৰাকী অধিবক্তা আদালতৰ দ্বাৰস্থ হৈছে । যাৰ ভিত্তিত এতিয়াৰে পৰা মহানগৰীত অত্যাধিক কীটনাশক দ্রব্য মিহলি শাক-পাচলি বিক্রী হয়তো বন্ধ হ’ব ।
এই সন্দৰ্ভত বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে (Guwahati high court orders) । এতিয়াৰে পৰা কীটনাশক দ্ৰব্যৰ পৰিমাণ নিৰূপণ হ’ব গুৱাহাটীলৈ বিক্ৰী কৰিবলৈ অনা শাক-পাচলিৰ ৷ ৰাজ্যৰ কৃষি, স্বাস্থ্য আৰু ফৰেনচিককে ধৰি কেইবাটাও বিভাগক এই সন্দৰ্ভত পর্যাপ্ত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে । অধিবক্তা সীমা ভূঞাই দাখিল কৰা ৰাজহুৱা স্বাৰ্থজড়িত আবেদন সন্দৰ্ভত শুনানী গ্ৰহণ কৰি গুৱাহাটীত প্ৰৱেশৰ পূৰ্বে শাক-পাচলিৰ কেমিকেল টেষ্ট কৰাৰ ৰায় দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে (Guwahati HC orders to chemical test of vegetables) ।
আবেদনত অধিবক্তা সীমা ভূঞাই কয়, ৰাজ্যৰ বিভিন্ন স্থানত শাক-পাচলি উৎপাদনৰ ক্ষেত্ৰত অভাৱনীয় হাৰত কীটনাশক দ্রব্য ব্যৱহাৰ কৰা হয় ৷ এনে শাক-পাচলি বিভিন্ন ৰোগৰ কাৰণ হৈ পৰিছে । উক্ত আবেদন সন্দৰ্ভত শুনানী গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰাৰম্ভিক পৰ্যায়ত গুৱাহাটীত পৰীক্ষণ চকীৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে (Chemical test of Vegetables) ।
ন্যায়ালয়ত বিভিন্ন বিভাগক প্রতিনিধিত্ব কৰা বিষয়াসকলক শাক-পাচলিত কীটনাশক দ্ৰব্যৰ ব্যৱহাৰ কিদৰে নিয়ন্ত্ৰণলৈ আনিব পাৰি সেই সন্দৰ্ভত সমাধান সূত্র উলিয়াবৰ বাবে বিভাগসমূহৰ মাজত যুটীয়াভাৱে বৈঠক অনুষ্ঠিত কৰি কি ব্যৱস্থা ল’ব পাৰি বৰ আলোচনা কৰিবলৈ নির্দেশ দিয়ে ন্যায়ালয়ে । ৩ মার্চত বিভাগসমূহে ন্যায়ালয়ক সবিশেষ জনাব লাগিব বুলি নিৰ্দেশটোত কোৱা হয় । আদালতৰ এই ৰায় সঠিকভাৱে কাৰ্যকৰী হ'লে গুৱাহাটীসবাসীয়ে কীটনাশক দ্ৰব্য মিহলি নথকা শাক-পাচলি খোৱাৰ পথ প্ৰশস্ত হ'ব ।
লগতে পঢ়ক: Gauhati HC on child marriage: বাল্য বিবাহ সম্পর্কত উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান