গুৱাহাটী, ১৮ ডিচেম্বৰ : অৱশেষত বিটিআৰ পৰিষদ গঠন পূৰ্বই বিপিএফে টোকৰ মাৰিলে আদালতৰ দুৱাৰত। প্ৰমোদ বড়োৰ নেতৃত্বত ইউ পিপিএল, বিজেপি আৰু জিএছপিয়ে বিটিআৰত পৰিষদ গঠন কৰা, শপত লোৱাকে ধৰি সমস্ত প্ৰক্ৰিয়াটোৱেই অসাংবিধানিক বুলি আখ্যা দি বিপিএফৰ নিৰ্বাচিত পাৰিষদ সকলে গুৱাহাটী উচ্চ ন্যায়ালয়ত এক গোচৰ তৰিছিল ।
সেই গোচৰৰ ভিত্তিতে শুকুৰবাৰে ন্যায়াধীশ সুমন শ্যামৰ আদালতে এই সমস্ত ঘটনা সন্দৰ্ভত ২২ ডিচেম্বৰত জবাব দিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে । গোচৰ তৰা বিপিএফৰ পাৰিষদবৰ্গৰ হৈ আদালতত যুক্তি প্ৰদৰ্শন কৰা অধিবক্তা আনন্দ ভূঞাই ইটিভি ভাৰতক কয় যে, ২২ ডিচেম্বৰ পৰ্যন্ত স্থিতাৱস্থা বাহাল ৰাখিবলৈও নিৰ্দেশ দিয়ে আদালতে ।