গুৱাহাটী, 7 জানুৱাৰী : কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ জামিন আবেদন নাকচ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ NIA য়ে ৰুজু কৰা গোচৰৰ জামিন নাকচ কৰিছে আদালতে ৷ চানমাৰি থানাত 30/2019 নম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল অখিল গগৈক ৷ অখিলৰ ওপৰত আছিল ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৷ এবছৰতকৈও অধিক সময় কাৰাবন্দী হৈ আছে অখিল গগৈ ৷ NIA য়ে মাওবাদীৰ সৈতে অখিলৰ যোগাযোগ থকা বুলি অভিযোগ তুলিছিল ৷ যোৱা 17 ডিচেম্বৰত এই গোচৰৰ শুনানি প্ৰক্ৰিয়া সমাপ্ত হৈছিল ৷ বৃহস্পতিবাৰে ৰায়দানত অখিলৰ জামিন নাকচ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷
লগতে পঢ়ক : নিকা, সুস্থ আৰু প্ৰগতিশীল আঞ্চলিকতাবাদৰ পূৰ্ণাংগ ৰূপ দিব ৰাইজৰ দলে