ETV Bharat / state

Preservation of Dipor Bil : দীপৰ বিলৰ সংৰক্ষণ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল

author img

By

Published : Mar 19, 2023, 9:43 PM IST

দীপৰ বিলৰ সংৰক্ষণ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল তিনি পৰিৱেশকৰ্মীৰ (Preservation of Dipor Bil) ৷ বিল সংৰক্ষণৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে তাক চাৰি সপ্তাহৰ ভিতৰত দাখিল কৰিবলৈ নিৰ্দেশ মুখ্য ন্যায়াধীশৰ ৷

Preservation of Dipor Bil
দীপৰ বিল ধ্বংসৰ মুখলৈ গতি কৰিছে

গুৱাহাটী, ১৯ মাৰ্চ : আন্তৰ্জাতিক পক্ষী অভয়াৰণ্যৰ মানচিত্ৰত স্থান পোৱা ৰামছৰ ক্ষেত্ৰ হিচাপে পৰিচিত আৰু ভাৰতৰ ১৫ খন জলাশয়ৰ ভিতৰত অন্যতম দীপৰ বিলখন বিগত প্ৰায় দুটা দশকত চৰকাৰী তথা বেচৰকাৰী প্ৰত্যক্ষ-পৰোক্ষ পৃষ্ঠপোষকতাত ধ্বংসৰ মুখলৈ গতি কৰিছে ।

গুৱাহাটীৰ গাতে লাগি থকা এই বিলৰ সমীপতে আনকি ২০০৫ চনৰ পৰা গুৱাহাটী পৌৰ নিগমে আৱৰ্জনা পেলোৱাৰ বাবে ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰিছে (Dumping Ground in front of Dipor Bil) ৷ ২০০৫ চনৰ আগৰে পৰাই পামহী কেনেলৰে গুৱাহাটীৰ বৰ্জিত আৰু দূষিত পানীভাগ দীপৰ বিলত পেলাই অহা হৈছে ৷

ফলত দীপৰ বিলৰ পানী ভয়াৱহভাৱে প্ৰদূষিত হৈ পৰিছে । এনে ধৰণৰ পৰিৱেশ ধ্বংসকাৰী কার্য বন্ধ কৰি বিলখনক উপযুক্তভাৱে সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত বিগত সময়চোৱাত দীপৰ বিল সুৰক্ষা মঞ্চকে ধৰি বিভিন্ন দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছিল (Preservation of Dipor Bil)।

কিন্তু গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ (জি এম ডি এ), গুৱাহাটী উন্নয়ন বিভাগকে ধৰি কোনো এটা বিভাগে বিলখনক উপযুক্তভাৱে সংৰক্ষণৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিতহে হোৱা নাই ৷ যাৰ ফলত ৰাইজৰ মাজতো বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল (Land Encroachment of Dipor Bil)।

অৱশেষত বিলখনক সংৰক্ষণৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ কামনা কৰি তিনি পৰিৱেশকর্মী ক্ৰমে - দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক আৰু চকৰদৌৰ গো-পালক প্ৰমোদ কলিতা, কাৰ্বিপাৰা ৰাইজ গয়ৰহৰ সভাপতি সনেশ টেৰণ আৰু গড়চুকৰ যুৱ সমাজকর্মী দীপক টেৰাঙে গুৱাহাটী উচ্চ ন্যায়ালয়ত অলপতে ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰিছিল ।

সেই আৱেদনৰ ভিত্তিত ৰজু হোৱা গোচৰৰ (গোচৰ নম্বৰ : পি আই এল / ১৮ /২০২৩ ) ভিত্তিত ১৭ মাৰ্চত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে আবেদন গ্ৰহণ কৰিছিল ৷ তাৰ পাচত গুৱাহাটী পৌৰ নিগম, জি এম ডি এ, ভাৰত চৰকাৰৰ বন, পৰিৱেশ সংৰক্ষণ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়, অসম চৰকাৰৰ বন আৰু পৰিৱেশ বিভাগকে ধৰি মুঠ ১৭ টা বিভাগ আৰু কৰ্তৃপক্ষক দীপৰ বিল সংৰক্ষণৰ বাবে এতিয়ালৈ কি কি তথা কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে তাক চাৰি সপ্তাহ বা অহা ২৭ এপ্ৰিলৰ ভিতৰত ন্যায়ালয়ত দাখিল কৰাৰ বাবে জাননী প্ৰেৰণ কৰিছে ।

আনহাতে, আৱেদনকাৰীৰ হৈ ন্যায়ালয়ত যুক্তি দাঙি ধৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা দেৱজিৎ কুমাৰ দাসে । অৱশ্যে ন্যায়ালয়ৰ জাননী লাভ কৰাৰ পাচত সেই বিভাগ বা কৰ্তৃপক্ষসমূহে কি উত্তৰ দিয়ে সেয়াহে হ’ব লক্ষণীয় ।

লগতে পঢ়ক : Golden Jubilee of Guwahati Press Club: ঢোল-পেঁপাৰ শব্দত কঁপিছে গুৱাহাটী প্ৰেছক্লাৱ; 20 মাৰ্চত সোণালী জয়ন্তীৰ উদ্বোধনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.