গুৱাহাটী, 9 জানুৱাৰীঃ পৰম্পৰাগত অসমীয়া আ-অলংকাৰক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ উদ্দেশ্যেৰে বিশেষ প্ৰচেষ্টা হাতত লৈছে উদ্যোগ বিভাগে ৷ বিভাগৰ অধীনত প্ৰশিক্ষণপ্ৰাপ্ত পৰম্পৰাগত আ-অলংকাৰ নিৰ্মাণৰ লগত জড়িত ব্যক্তিসকলে নিৰ্মাণ কৰা আ-অলংকাৰৰ ব্যতিক্ৰমী প্ৰদৰ্শনী আয়োজন কৰা হয় ৷ মহানগৰীৰ গণেশগুৰিস্থিত নেডফি হাউচত আয়োজন কৰা এই প্ৰদৰ্শনী ৯ জানুৱাৰী পৰা ১২ জানুৱাৰীলৈ অনুষ্ঠিত কৰা বুলি জানিবলৈ দিয়ে বিষয়-ববীয়াই ৷
এই প্ৰদর্শনীত অংশগ্ৰহণ কৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা উদ্যোগীসকলে ৷ সোণ আৰু ৰূপেৰে নিৰ্মিত বিভিন্ন অলংকাৰৰ লগতে বাঁহ, বেত, মৰাপাট আৰু মুগাৰে নিৰ্মিত সামগ্ৰীও প্ৰদৰ্শনীত প্ৰদৰ্শিত কৰে উদ্যোগীসকলে ৷ আনহাতে প্ৰদর্শনীত উপস্থিত হৈ প্ৰদৰ্শনী উদ্ধোধন কৰাৰ লগতে পৰম্পৰাগত আ-অলংকাৰ নিৰ্মাণ আৰু ব্যৱসায়ীসকলৰ বাবে উদ্যোগ বিভাগে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷
লগতে পঢ়ক: ৰাজ্যজুৰি আছুৰ ৰণশিঙা প্ৰতিবাদ