গুৱাহাটী, 17 জুলাই : বিশ্বজুৰি সংহাৰী ৰূপ ধাৰণ কৰা কৰ'ণাৰ বাবেই ব্যাপক ক্ষতিগ্ৰস্ত হৈছে দৰিদ্ৰ জনতা। কৰ্মহীনতাই বিশেষকৈ আৰ্থিকভাৱে জুৰুলা কৰিছে শ্ৰমিক,ক্ষুদ্ৰ ব্যৱসায়ী,নিম্ন মধ্যবিত্ত পৰিয়ালৰ লোকসকলক। বৰ্দ্ধিত লক ডাউনৰ বাবে নিজৰ তথা পৰিয়ালৰ পেটৰ ক্ষুধা নিবাৰণৰ বাবে দুশ্চিন্তাত মূৰে-কপালে হাত দি বহি থাকিবলগীয়া হৈছে। এনে লোকসকলৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে লৈছে বিশেষ ব্যৱস্থা।
লগতে পঢ়কঃ শোকাকুল পৰিৱেশৰ মাজেৰে আদ্যশ্ৰাদ্ধ সম্পন্ন ঋষভ দত্তৰ
শুকুৰবাৰে মহানগৰীৰ ভৰলুমুখ,শান্তিপুৰ এলেকাৰ প্ৰায় তিনি শতাধিক লোকক অসমৰ জাতীয় অনুষ্ঠান ঐক্য সেনা অসমৰ সহযোগত কামৰূপ মহানগৰ জিলা প্ৰশাসনে বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ কৰে। খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত ৰাতুল পাঠক,চন্দ্ৰপুৰ ৰাজহ চক্ৰৰ বিষয়া মিনাক্ষী বৰ্মন,পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ৰ পৰিদৰ্শক পুলকেশ ৰায় বৰুৱা,জলসিঞ্চন বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ৰ কণিষ্ঠ সহায়ক চিন্ময় নায়ক,তথ্য-প্ৰযুক্তি বিভাগৰ সঞ্চালকৰ জিলা প্ৰৱন্ধক বিশাল ভূঞা,কামৰূপ মহানগৰ জিলাৰ ৰাজহ বিভাগৰ পৰামৰ্শদাতা মনোজ কলিতা।
উল্লেখ্য যে,সম্পূৰ্ণ সামাজিক দুৰত্ব মানি দৰিদ্ৰ লোকক খাদ্য সামগ্ৰী বিতৰণ কৰা হয়। দৰিদ্ৰ লোকসকলৰ বাবে জিলা প্ৰশাসনৰ সহযোগত ঐক্য সেনা অসমে বিভিন্ন পদক্ষেপ হাতত ল'ব বুলি জানিবলৈ দিয়ে ঐক্য সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ফৰিদ ইছলাম হাজৰিকা আৰু মুখ্য মুখপাত্ৰ কমল কুমাৰে।