ETV Bharat / state

কি কি চৰকাৰী নিয়ম মানি পালন কৰিব ঈদ-উজ-জোহা ? - গাড়ীগাঁৱৰ ঈদগাহ কমিটী

জালুকবাৰী আৰক্ষী চকীত আৰক্ষীৰ শীৰ্ষ কেইবাগৰাকী বিষয়া আৰু মছজিদ-ঈদগাহ কমিটীৰ মাজত অনুষ্ঠিত হয় এই বৈঠক ৷ ঈদ-উজ-জোহালৈ মাজত মাথো এটা দিন বাকী থকাৰ সময়তে এই পৱিত্ৰ অনুষ্ঠানটি অনুষ্ঠিত কৰাক লৈ এই বৈঠকৰ আয়োজন কৰা হয় ৷ আৰক্ষীয়ে চৰকাৰী নিয়ম মানি ঈদ-উজ-জোহা পালন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলক ৷

guwahati-eid_crlebration
মহানগৰীত ঈদ সন্দৰ্ভত মছজিদ কমিটীৰে আৰক্ষীৰ বৈঠক
author img

By

Published : Jul 30, 2020, 10:43 PM IST

কামৰূপ,30 জুলাই: ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ উৎসৱ ঈদ-উজ-জোহালৈ মাজত মাথো এটা দিন বাকী । কিন্তু বিশ্বজুৰি কৰ'ণা ভাইৰাছৰ বাবে সৃষ্টি হোৱা সংকটৰ বাবে ঈদ পালনক লৈ চিন্তিত হৈ পৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকল ৷ কিয়নো কৰ'ণাৰ ভয়াৱহতাৰ বাবে ৰাজহুৱা সকলো কাৰ্যসূচী বাতিল কৰিছে ঈদ উদযাপন সমিতিয়ে। ঈদ উপলক্ষে ৰাজ্য চৰকাৰৰ তৰফৰ পৰাও দিয়া হৈছে বিশেষ নীতি -নিৰ্দেশনা । মছজিদত পাঁচজনতকৈ অধিক লোকৰ প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰিছে ৰাজ্য চৰকাৰে। মছজিদ-ঈদগাহ কমিটীৰ সৈতে এই সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ হৈছে বৈঠক ৷

মহানগৰীত ঈদ সন্দৰ্ভত মছজিদ কমিটীৰে আৰক্ষীৰ বৈঠক

অন্য এক খবৰৰ বাবে: ঐতিহ্য ক্ষেত্ৰ ৰূপে সংৰক্ষিত হ’বলগীয়া 1900 চনৰ এটা গৃহ

বৃহস্পতিবাৰে জালুকবাৰী আৰক্ষী চকীত অনুষ্ঠিত হয় এক বিশেষ বৈঠক। আৰক্ষীৰ শীৰ্ষ কেইবাগৰাকী বিষয়া আৰু মছজিদ-ঈদগাহ কমিটীৰ মাজত অনুষ্ঠিত হয় এই বৈঠক। চৰকাৰী নীতি নিৰ্দেশনা মানি ঈদ পালন কৰিবলৈ আহ্বান জনাই কমিটীসমূহক। ঈদগাহ-মছজিদ কমিটীয়ে সকলো নিৰ্দেশনা মানি চলিব বুলি আৰক্ষীক অৱগত কৰে।

guwahati-eid_crlebration
মহানগৰীত ঈদ সন্দৰ্ভত মছজিদ কমিটীৰে আৰক্ষীৰ বৈঠক

ইতিমধ্যেই ঈদৰ সকলো ৰাজহুৱা কাৰ্যসূচী বাতিল কৰিছে বৃহত্তৰ গাড়ীগাঁৱৰ ঈদগাহ কমিটীয়ে । উল্লেখযোগ্য যে,চৰকাৰৰ কোনো নিৰ্দেশ অমান্য নকৰিবলৈ ৰাইজক আহ্বান জনাই আৰক্ষী জিলাৰ পশ্চিম সংমণ্ডলৰ ডিচিপি নিলেশ চাওকাৰে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.