ETV Bharat / state

দীপাৱলীৰ বাবে মহানগৰীৰ ফাঁচীবজাৰত গ্ৰাহকৰ ভিৰ - গুৱাহাটী

কৰ’ণা মহামাৰীৰ মাজতে দীপাৱালী উদযাপনৰ বাবে সাজু হৈছে ৰাজ্যৰ লগতে গুৱাহাটীবাসী ৷ দীপাৱলীৰ সা-সামগ্ৰী ক্ৰয় কৰিবলৈ ফাঁচীবজাৰত এতিয়া গ্ৰাহকৰ ভিৰ ৷ অৱশ্যে পূৰ্বৰ তুলনাত এইবাৰ গ্ৰাহকৰ সংখ্যা কম ৷

guwahati diwali market
দীপাৱলীৰ বাবে মহানগৰীৰ ফাঁচীবজাৰত গ্ৰাহকৰ ভিৰ
author img

By

Published : Nov 12, 2020, 8:56 PM IST

গুৱাহাটী,12 নৱেম্বৰ : পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাথো এটা দিন বাকী । কৰ’ণাসৃষ্ট পৰিৱেশৰ মাজতে দীপাৱালী উদযাপনৰ বাবে সাজু হৈছে মহানগৰবাসী । বৃহস্পতিবাৰে গুৱাহাটীৰ ফাঁচীবজাৰত যথেষ্ট সংখ্যক লোকৰ সমাগম হোৱা দেখিবলৈ পোৱা গৈছে । সকলোৱে দীপাৱলীৰ সা-সামগ্ৰী ক্ৰয় কৰিবলৈ বজাৰত ভিৰ কৰিছে ৷

guwahati diwali market
দীপাৱলীৰ বাবে মহানগৰীৰ ফাঁচীবজাৰত গ্ৰাহকৰ ভিৰ

ৰংগোলী, নানা ধৰণৰ চাকি, বিভিন্ন পূজাৰ সামগ্ৰী উপলব্ধ হৈছে ফাঁচীবজাৰত। অৱশ্যে পূৰ্বৰ তুলনাত এইবাৰ গ্ৰাহকৰ সংখ্যা কম বুলি বিক্ৰেতাসকলে জানিবলৈ দিয়ে । ইয়াৰ লগে লগে সামগ্ৰীৰ মূল্যও কিছু বৃদ্ধি হৈছে ।

কৰ’ণা মহামাৰীৰ প্ৰকোপৰ বাবেই বিহু, ঈদ, পূজাৰ লেখীয়াকৈ দীপাৱলীৰ আনন্দও ম্লান পৰা পৰিলক্ষিত হৈছে । ইফালে পূৰ্বৰ দৰে এইবেলি বজাৰত নাই কোনো চীনা সামগ্ৰী ৷

লগতে পঢ়ক : এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰে চলিছে উমৰাংচুৰ এটি গুৰুত্বপূৰ্ণ কাৰ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.