ETV Bharat / state

মৃতদেহক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি মহানগৰীত

author img

By

Published : Oct 22, 2020, 12:02 PM IST

পাণ্ডু ল'ক কলনীৰ নলাত উদ্ধাৰ হোৱা যুৱকৰ মৃতদেহক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় মহানগৰীত ৷ যুৱকজন কৃষ্ণ প্ৰসাদ বুলি জানিব পৰা গৈছে ৷ যুৱকজন এখন ব্যক্তিগত বিদ্যালয়ৰ গাড়ী চালক আছিল ৷

guwahati_deadbody-recover
মৃতদেহক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি মহানগৰীত

কামৰূপ মেট্ট',22অক্টোবৰ: গুৱাহাটী মহানগৰীৰ মালিগাঁৱত এটা মৃতদেহক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ পাণ্ডু ল'ক কলনীৰ এটা নলাত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাচতেই সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতিৰ । মৃত যুৱকজন পাণ্ডু বিবিচি কলনীৰ জন কৃষ্ণ প্ৰসাদ বুলি জানিব পৰা গৈছে । এখন ব্যক্তিগত বিদ্যালয়ৰ গাড়ী চালক আছিল কৃষ্ণ ।

ইফালে এই ঘটনাক এক পৰিকল্পিত হত্যাকাণ্ড আখ্যা দিছে পৰিয়ালৰ লোকে । মৃত যুৱকজনৰ বন্ধু পিন্টু এই হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপিত কৰিছে কৃষ্ণ প্ৰসাদৰ পৰিয়ালে । যাৰ বাবে হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে স্থানীয় ৰাইজে ।

ইয়াৰ পাচতে ঘটনাস্থলীত জালুকবাৰী আৰক্ষী আৰু চিআৰপিএফ বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ।

অন্য এক খবৰৰ বাবে: উল্কাপিণ্ডত খুন্দা মাৰি ধ্বংস Osiris-Rex মহাকাশযানখন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.