ETV Bharat / state

Guwahati cyber crime: জেলৰ পৰাই হত্যাৰ গোচৰত গ্ৰেপ্তাৰ চাইবাৰ অপৰাধী ৰাজনক

author img

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 9:58 PM IST

গুৱাহাটীৰ কুখ্যাৎ ভুৱা কল চেন্টাৰৰ মাষ্টাৰমাইণ্ড ৰাজন ছিদানাক কাৰাগাৰৰ পৰাই পুনৰ গ্ৰেপ্তাৰ ৷ এগৰাকী যুৱতীৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ ছিদানাক ৷

Guwahati cyber crime
Guwahati cyber crime

গুৱাহাটী, 1 নৱেম্বৰ: চানমাৰী আৰক্ষীৰ জালত ভুৱা কল চেন্টাৰৰ মাষ্টাৰমাইণ্ড ৰাজন ছিদানা । এইবাৰ ভুৱা কল চেণ্টাৰৰ মাষ্টাৰ মাইণ্ড ৰাজন ছিদানাৰ সন্মুখত আন এক বিপদ । মেঘালয়ৰ এগৰাকী যুৱতীৰ অপমৃত্যু সংক্ৰান্তত চানমাৰী আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে ৰাজন ছিদানাক ।

ৰাজন ছিদানাৰ লগতে গ্রেপ্তাৰ কৰা হৈছে মহেন্দ্ৰ চান্দ নামৰ আন এজন যুৱকক । ঘটনা অনুসৰি মহানগৰীৰ আৰক্ষীয়ে 8 টা ভুৱা কল চেন্টাৰ উৎখাত কৰি 52 জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছিল । ইয়াৰ পিছতে ৰাজন ছিদানাৰ কল চেন্টাৰত কৰ্মৰত মেঘালয়ৰ এগৰাকী যুৱতীয়ে বামুণীমৈদানৰ
সোৱণশিৰি এপার্টমেণ্টৰ ষষ্ঠ মহলাৰ পৰা জপিয়াই আত্মহত্যা কৰিছিল ।

এপার্টমেণ্টটোৰ যিটো ফ্লেটত যুৱতীগৰাকীয়ে বাস কৰিছিল সেই ফ্লেটটো ৰিয়েল ইষ্টেটৰ পৰা ভাড়াত লৈছিল মহেন্দ্ৰ চান্দে । সেই ফ্লেটটোত প্রায়ে নিশা কটাইছিল ৰাজন আৰু মহেন্দ্ৰ চান্দে । যুৱতীগৰাকীৰ আত্মহত্যা সন্দৰ্ভত চানমাৰি থানত 353/23 নম্বৰত এটা গোচৰ ৰুজু হৈছিল । সেই গোচৰটোত পুনৰ জেলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ৰাজন ছিদানা আৰু মহেন্দ্ৰ চান্দক ।

উল্লেখ্য যে যোৱা 14 ছেপ্টেম্বৰৰ পৰা গুৱাহাটী মহানগৰীৰ 8 টা কল চেন্টাৰত অভিযান চলাই মহানগৰ আৰক্ষীয়ে 191টা প্ৰৱঞ্চকক আটক কৰাৰ লগতে আটক কৰিছিল এই সমগ্ৰ ৰেকেটটোৰ তিনিটা মাষ্টাৰমাইণ্ডক ৷ আৰক্ষীয়ে মুঠ 191টা প্ৰৱঞ্চকক মাৰাথন জেৰা চলোৱাৰ পাছত গ্ৰেপ্তাৰ কৰিছিল ভুৱা কল চেণ্টাৰৰ মাষ্টাৰমাইণ্ড, মালিক, ভুৱা কল চেণ্টাৰত কৰ্মৰত যুৱক-যুৱতীসহ মুঠ 52 প্ৰৱঞ্চকক ৷

ভুৱা কল চেণ্টাৰসমূহৰ সৈতে এটা বৃহৎ আন্তঃৰাষ্ট্ৰীয় চক্ৰ জড়িত হৈ থাকে ৷ বিশেষকৈ বহিঃৰাষ্ট্ৰৰ লোকসকলক টাৰ্গেট কৰে এই চক্ৰটোৱে ৷ আনহাতে দেশৰ বিভিন্ন ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীক সামাজিক মাধ্যমৰ জৰিয়তে জালত পেলাই এই অপৰাধত জড়িত কৰোৱাই এই চক্ৰটোৱে ৷

কেৱল বহিঃৰাষ্ট্ৰই নহয়, উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ আন আন ৰাজ্যৰ বহু লোকৰ পৰাও প্ৰৱঞ্চনাৰে কোটি কোটি টকা প্ৰৱঞ্চনাৰে হৰলুকি কৰি আহিছিল চাইবাৰ অপৰাধী চক্ৰটোৱে ৷

লগতে পঢ়ক: Cyber crime Bust in Guwahati: ভুৱা কল চেন্টাৰ চলাই প্ৰৱঞ্চনাৰে কোটি কোটি টকা লুট কৰা ৫২ প্ৰৱঞ্চক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.