ETV Bharat / state

পি কে দত্তৰ গৃহত অসম আৰক্ষীৰ অভিযান

author img

By

Published : Sep 24, 2020, 7:58 PM IST

Updated : Sep 24, 2020, 11:28 PM IST

Guwahati
Guwahati

19:29 September 24

পি কে দত্তৰ গৃহত অসম আৰক্ষীৰ অভিযান

পি কে দত্তৰ গৃহত অসম আৰক্ষীৰ অভিযান

গুৱাহাটী, 24 ছেপ্টেম্বৰঃ  অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা কেলেংকাৰীৰ অন্যতম অভিযুক্ত প্ৰাক্তন ডি আই জি পি কে দত্তৰ হেঙেৰাবাৰীস্থিত বাসভৱনত অন্ত পৰিল অসম আৰক্ষীৰ অপৰাধ শাখাৰ আভিযান ৷ বুধবাৰে পুৱাৰ ভাগৰ পৰা প্ৰাক্তন আৰক্ষী বিষয়া জনৰ ঘৰত চলিছিল মাৰাথন অভিযান ৷

লগতে পঢ়কঃ শ্ৰীনগৰত পুনৰ অনুৰূপ ঘটনাঃ স্থানীয় যুৱতীসহ আটক সেনা জোৱানক

পি কে দত্তৰ গৃহৰ পৰা মহানগৰ অপৰাধ অনুসন্ধান শাখা আৰু অসম আৰক্ষীয়ে উদ্ধাৰ কৰে এটা চাৰ্ভিছ ৰিভ'লভাৰ ৷ লগতে উদ্ধাৰ হয় প্ৰায় 8 কে জি সোণ ৷ আৰক্ষীয়ে উদ্ধাৰ কৰে বহু আপত্তিজনক নথি পত্ৰ ৷ লগতে আৰক্ষীয়ে উদ্ধাৰ কৰে অন্য কেলেংকাৰীৰ সৈতে জৰিত নথি-পত্ৰ ৷ 

উল্লেখ্য যে, এই বিতৰ্কিত প্ৰাক্তন আৰক্ষী বিষয়াজনৰ ঘৰতেই উপ পৰিদৰ্শক পদৰ চাকৰি কিনা বেচাৰ বেহা চলিছিল বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীৰ অনুসন্ধানকাৰী দলটোৱে ৷ সম্প্ৰতি পলাতক অৱস্থাত থকা বিতৰ্কিত প্ৰাক্তন আৰক্ষী বিষয়াজনৰ চাৰিখন হোটেলকে আদি কৰি বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা অভিযান চলাই জব্দ কৰিছে উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ বহু প্ৰশ্ন কাকতৰ লগতে আন বহু আপত্তিজনক নথি ৷

এই মুহুৰ্তলৈকে আৰক্ষীৰ সূত্ৰত পি কে দত্ত সন্দৰ্ভত কোনো বিশেষ কথা উল্লেখ পোৱা নাই যদিও এটা কথা স্পষ্ট যে পলাতক পি কে দত্তক আটক কৰিব পাৰিলেই উপ পৰিদৰ্শক পদৰ কেলেংকাৰীৰ সমস্ত তথ্য পোহৰলৈ আহিব ৷

Last Updated : Sep 24, 2020, 11:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.