ETV Bharat / state

গুৱাহাটীৰ চ'ছলত ক’ভিড 19 চাফাই কৰ্মীৰ হুংকাৰ - লাষ্ট গেটত ক’ভিড 19 চাফাই কৰ্মীৰ হুংকাৰ

মঙলবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৰাজ্যৰ ক’ভিড 19 চাফাইকৰ্মী সকলে ৷ কৰ’ণা মহামাৰীৰ পয়োভৰৰ সময়ত চকৰিত নিযুক্তি দিয়া চাফাইকৰ্মী সকলক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদ চাফাইকৰ্মী সকলৰ ৷

As_ghy_covid-19-cleaner-protest_vis_7209319
হয় আমাক সংস্থাপন দিয়ক নহয় গুলীয়াই মাৰকঃক’ভিড 19 চাফাইকৰ্মীৰ হুংকাৰ
author img

By

Published : Dec 29, 2020, 12:31 PM IST

গুৱাহাটী,29 ডিচেম্বৰ: হয় আমাক সংস্থাপন দিয়ক নহয় আমাক গুলীয়াই মাৰক। এইয়া গণতান্ত্ৰিক পৰ্যায়ত অন্তিম অনশন ৷ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই হুংকাৰ ৰাজ্যৰ ক’ভিড 19 চাফাইকৰ্মী সকলৰ ৷ ৰাজ্যত কৰ’ণা মহামাৰীৰ পয়োভৰৰ সময়ত চিকিৎসালয় তথা ক’ভিড কেন্দ্ৰসমূহত ৰোগী সকলক চোৱা চিতা কৰাৰ বাবে নিযুক্তি দিয়া হৈছিল পাঁচ হাজাৰতকৈয়ো অধিক চাফাই কৰ্মী ৷ প্ৰথম পৰ্যায়ত চৰকাৰে এইসকল চাফাইকৰ্মীৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও পৰৱৰ্তী সময়ত তেওঁলোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয় ৷

ক’ভিড 19 চাফাইকৰ্মীৰ প্ৰতিবাদ

চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে চাফাইকৰ্মী সকলে ৷ মঙলবাৰে মহানগৰীৰ দিছপুৰৰ চ'ছলত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা এই চাফাকৰ্মীসকলে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে সাব্যস্ত কৰিছে অনিৰ্দিষ্টকালীন অনশন ৷ চাফাইকৰ্মী সকলৰ হুংকাৰ স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰক নহ’লে তেওঁলোকক প্ৰতিবাদস্থলীতে গুলিয়াই হত্যা কৰক ৷ কাৰণ পৰৱৰ্তী পৰ্যায়ত আৰু আন্দোলনৰ কাৰ্যসূচী হাতত নলয় কেৱল আত্মহত্যাৰহে পথ বাছি ল’ব এইসকল চাফাইকৰ্মীয়ে ৷

লগতে পঢ়ক-অসমত দ্বিতীয় দিনা আৰম্ভ হৈছে ক'ৰণা প্ৰতিষেধকৰ পৰীক্ষণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.