ETV Bharat / state

Narayan Chakraborty murder case : পত্নী-কন্যাক গ্ৰেপ্তাৰ লতাশিল আৰক্ষীৰ - পূজাৰী নাৰায়ণ চক্ৰৱৰ্তী

গুৱাহাটী কালিবাৰী পূজাৰী নাৰায়ণ চক্ৰৱৰ্তী হত্যাকাণ্ডত জড়িত অভিযোগত পত্নী মৌচুমী চক্ৰৱৰ্তী আৰু জ্যেষ্ঠ কন্যাক গ্ৰেপ্তাৰ ৷ আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, নাৰায়ণক হত্যা কৰা বুলি স্বীকাৰোক্তিৰ ভিত্তিতে পত্নী আৰু কন্যাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷

Narayan Chakraborty murder case
পত্নী-কন্যাক গ্ৰেপ্তাৰ লাতশিল আৰক্ষীৰ
author img

By

Published : Nov 15, 2021, 7:20 PM IST

Updated : Nov 15, 2021, 10:35 PM IST

গুৱাহাটী, ১৫ নৱেম্বৰ : গুৱাহাটী মহানগৰী পল্টনবজাৰৰ কালিবাৰী ৰে'লৱে কলনীত পূজাৰী নাৰায়ণ চক্ৰৱৰ্তীৰ লোমহৰ্ষক হত্যাকাণ্ডৰে জড়িত থকাৰ অভিযোগত চক্ৰৱৰ্তীৰ পত্নী মৌচুমী চক্ৰৱৰ্তী আৰু তেওঁৰ কন্যাক আটক কৰিছে মহানগৰ আৰক্ষীয়ে ৷ ৩ দিন ধৰি চলোৱা আৰক্ষীৰ মাৰাথন জেৰাৰ পাচত দেওবাৰে নিশা লতাশিল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নাৰায়ণৰ পত্নীক ৷

পত্নী-কন্যাক গ্ৰেপ্তাৰ লাতশিল আৰক্ষীৰ

ইফালে সোমবাৰে জ্যেষ্ঠ কন্যাকো গ্ৰেপ্তাৰ কৰাৰ কথা প্ৰকাশ কৰিছে তদন্তকাৰী আৰক্ষীয়ে । পাৰিবাৰিক কাৰণতেই হত্যাকাণ্ডটো সংঘটিত হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে, গ্ৰেপ্তাৰ হোৱা জ্যেষ্ঠ কন্যা এগৰাকী নাবালিকা ।

লগতে পঢ়ক: কোনে শুনে কাৰ কথা, ঘোষণাৰ পিছতো প্ৰত্যাহাৰ হোৱা নাই Ceiling ব্যৱস্থা

আৰক্ষীয়ে প্ৰকাশ কৰাৰ মতে, এডাল ৰডেৰে মূৰত প্ৰহাৰ কৰি নাৰায়ণক হত্যা কৰা বুলি স্বীকাৰ কৰিছে নাৰায়ণৰ পৰিবাৰে ৷ উক্ত স্বীকাৰোক্তিৰ ভিত্তিতে পত্নী আৰু কন্যাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ জানিব পৰা মতে, গুৱাহাটীৰ চেণ্ট্ৰেলৰ ডিচিপি দিগন্ত চৌধুৰী সমগ্ৰ হত্যাকাণ্ডটোৰ তদন্তৰ দায়িত্বত আছে ।

যোৱা বৃহস্পতিবাৰে পল্টনবজাৰ কালিবাৰী ৰে'লৱে কলনী এগৰাকীৰ বন্ধুৰ কোৱাটাৰত উদ্ধাৰ হৈছিল নাৰায়ণৰ মৃতদেহ । লতাশিল থানাৰ গোচৰ নং ৩৭০/২১ আই.পি.চি ৩০২ অধীনত উক্ত ঘটনাটোৰ তদন্ত অব্যাহত আছে । স্বামী হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা মৌচুমীক পানবজাৰ মহিলা আৰক্ষী থানাত ৰখা হৈছে ।

লগতে পঢ়ক: চাহ শ্ৰমিকৰ ঘৰত নৈশযাপনেৰে দলক বচোৱাৰ চেষ্টা ভূপেন বৰাৰ !

Last Updated : Nov 15, 2021, 10:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.