ETV Bharat / state

Bihu world record: মেট্ৰোপলিটান ট্ৰেন্সপোৰ্ট এছ'চিয়েশ্য়নৰে তীব্ৰ সংঘাত চিটি বাছচালকৰ - City Bus driver anger

মেট্ৰোপলিটান ট্ৰেন্সপোৰ্ট এছ'চিয়েচেন গুৱাহাটীৰে সংঘাত চিটি বাছচালক আৰু মালিকৰ (Metropolitan Transport Association)। এছ'চিয়েচনৰ জৰিয়তে ৰিজাৰ্ভ নকৰা বাবে পাৰ্মিত বাতিলৰ হুংকাৰ ।

Conflict with Metropolitan Transport Association
চিটি বাছ চালক আৰু মালিকে বাছ এছ'চিয়েচেনৰ মাজত সংঘাত
author img

By

Published : Apr 13, 2023, 7:19 AM IST

Updated : Apr 13, 2023, 11:13 AM IST

চিটি বাছ চালক আৰু মালিকে বাছ এছ'চিয়েচেনৰ মাজত সংঘাত

গুৱাহাটী, ১৩ এপ্ৰিল: ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আনুষ্ঠানিকভাৱে ৰাইজৰ সেৱাৰ বাবে মুকলি কৰিব গুৱাহাটী আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (AIIMS Guwahati inaugurated on 14th April 2023)। উল্লেখ্য যে প্ৰধানমন্ত্ৰীয়ে অহা ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাইত অনুষ্ঠিত হ'বলগীয়া গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অনুষ্ঠানত উপস্থিত থাকিব । সেই দিনটোতে গুৱাহাটী এইমছ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব । সম্প্ৰতি গুৱাহাটী এইমছত তিনিটা শৈক্ষিক বৰ্ষৰ পাঠদান চলি আছে ।

বিহুনাচক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে এক বিৰল ক্ষণৰ বাবে সাজু হৈছে ৰাজ্য়বাসী । ইতিমধ্যেই 11 হাজাৰ ঢুলীয়া-নাচনীৰে বিশ্ব অভিলেখ গঢ়াৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে । ৰাজ্য়ৰ বিভিন্ন জিলাৰ পৰা আহি গুৱাহাটীত উপস্থিত হৈছে ঢুলীয়া-নাচনী । কিন্তু ইয়াৰ মাজতে আজি সৰুসজাইত অনুষ্ঠিত হ'বলগীয়া বিশাল আৰু অনবদ্য অনুষ্ঠানটো আৰু গুৱাহাটী আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান মুকলিৰ বাবে চৰকাৰে ইতিমধ্যে অধিগ্ৰহণ কৰি ৰাখিছে বহু চিটি বাছ (Guinness book of world record Assam Bihu)। ইয়াৰ মাজতেই এতিয়া একাংশ গুৱাহাটীৰ চিটি বাছচালক আৰু মালিকৰ বাছ এছ'চিয়েশ্যনৰ মাজত সংঘাত আৰম্ভ হৈছে ।

এই উদ্বোধনী অনুষ্ঠানত মানুহ আনিবলৈ চৰকাৰে ইতিমধ্যে ৰিজাৰ্ভ কৰি ৰাখিছে বহু চিটি বাছ (City Bus driver anger)। এই কাৰ্যসূচীক লৈ এতিয়া একাংশ গুৱাহাটীৰ চিটি বাছচালক আৰু মালিকে বাছ এছ'চিয়েশ্যনৰ মাজত সংঘাত হোৱা বুলি মুকলিকৈ ক্ষোভ প্ৰকাশ কৰিছে চালকসকলে । বাছ চালকসকলে প্ৰকাশ কৰা অনুসৰি প্ৰায় শতাধিক বাছ এই কাৰ্যসূচীৰ বাবে অধিগ্ৰহণ কৰি ৰাখিছিল যদিও মেট্ৰোপলিটান ট্ৰেন্সপোৰ্ট এছ'চিয়েশ্যন, গুৱাহাটীৰ হস্তক্ষেপৰ বাবেই ৰিজাৰ্ভসমূহ বাতিল কৰিব লগা হৈছে (Conflict with Metropolitan Transport Association)।

অভিযোগ অনুসৰি বাছ এছ'চিয়েশ্যনৰ জৰিয়তে ৰিজাৰ্ভ নকৰা বাবে প্রায় ২১ হাজাৰকৈ ৰিজাৰ্ভ কৰা বাছৰ পথ পাৰ্মিট বাতিল কৰাৰ ভাবুকি দিছে । আনহাতে, যদিহে এছ'চিয়েশ্যনৰ জৰিয়তে বাছসমূহ ৰিজাৰ্ভত যায় তেনেহ'লে ২১ হাজাৰৰ সলনি প্ৰায় ১৫/১৬ হাজাৰকৈ ধন দিয়ে । ফলত বাছৰ মালিক পক্ষই কম ধন পোৱা বাবে চালক-হেণ্ডিমেনক কম ধন দিবলৈ বাধ্য হয় । তেনেক্ষেত্ৰত বাছচালক আৰু কৰ্মচাৰীসকলে ক্ষতিৰ সন্মুখীন হ'ব । সেয়েহে এছ'চিয়েচনৰ এই কৰ্মকাণ্ডক লৈ এতিয়া ক্ষোভ উজাৰিছে চালক-হেণ্ডিমেনসকলে । বাছ এছ'চিয়েশ্যনৰ অনাহক হস্তক্ষেপৰ ক্ষেত্ৰত প্ৰশাসনক বিহীত ব্যৱস্থা ল'বলৈও আহ্বান জনাই বাছ চালক হেন্দিমেনেসকলে।

লগতে পঢ়ক:Alcohol ban: এইবাৰ কোনেও সুৰাপান কৰি চাবলৈ যাব নোৱাৰিব বিহুৰ অনুষ্ঠান

Last Updated : Apr 13, 2023, 11:13 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.