গুৱাহাটী, ১১ এপ্ৰিলঃ নিৰ্বাচনী প্ৰচাৰত এতিয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৰাজনৈতিক নেতা, প্ৰাৰ্থীৰ নৃত্য। নৃত্যৰে ভোটাৰক আকৰ্ষণ কৰাৰ অপ্ৰাণ চেষ্টা প্ৰতিটো দল তথা প্ৰাৰ্থীৰ। কি মহিলা, কি পুৰুষ । কেৱল এটাই উদ্দেশ্য ভোট লাগে । সেয়েহে নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰিপুণ বৰাৰ নৃত্য সকলোৱে দেখিলে ।
এইবাৰ গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জোনমণি দেৱী খাউণ্ডৰ নৃত্য। এখন নিৰ্বাচনী প্ৰচাৰ সভাত সমৰ্থকৰে সৈতে বিহু গীতত কঁকাল ভাঙি নাচিলে নিৰ্দলীয় প্ৰাৰ্থী গৰাকীয়ে। তাৰোপৰি জিকিৰ পৰিৱেশন কৰি ভোটাৰক আকৃষ্ট কৰাৰ চেষ্টা জোনমণি দেৱী খাউণ্ডৰ ।
এনেদৰেই দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰতা বাঢ়িছে সকলো প্ৰাৰ্থী তথা ৰাজনৈতিক দলসমূহৰ । লগতে একেদিনাই জালুকবাৰী সমষ্টিৰ কেইবাটাও স্থানত নিৰ্বাচনী প্ৰচাৰ চলাই নিৰ্দলীয় প্ৰাৰ্থী গৰাকীয়ে ।