ETV Bharat / state

মহানগৰীৰ ব্যৱসায়ী সকলৰ আৰ্থিক অৱস্থা পুনৰ শোচনীয়

author img

By

Published : Jun 16, 2020, 10:50 PM IST

গণ সংক্ৰমণ হোৱাৰ ভয়ত ৰাইজে এতিয়া নিজকে আবদ্ধ কৰি ৰাখিছে ঘৰৰ ভিতৰত । দোকানত গ্ৰাহকৰ সংখ্যা তেনেই নগণ্য়। সেয়ে পানীত হাঁহ নাচৰা অৱস্থা হৈছে ব্যৱসায়ী সকলৰ ।

মহানগৰীৰ ব্যৱসায়ী সকলৰ অৱস্থা পানীত হাঁহ নাচৰা

গুৱাহাটী, 16 জুনঃ লক ডাউনে জুৰুলা কৰা অৰ্থনীতিৰ পাচত পানীত হাঁহ নচৰা হৈছে মহানগৰীৰ ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ী সকলৰ । দেশজুৰি কৰ'ণা ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হোৱাৰ লগে লগে চৰকাৰে ঘোষণা কৰা লক ডাউনৰ ফলত প্ৰায় তিনি ধৰি দোকান-পোহৰ বন্ধ হৈ থকাত ব্যৱসায়ী সকল সন্মূখীন হ'বলগা হৈছে বৃহৎ লোকচানৰ ।

মহানগৰীৰ ব্যৱসায়ী সকলৰ আৰ্থিক অৱস্থা পুনৰ শোচনীয়

প্ৰায় আঢ়ৈ মহীয়া লক ডাউনৰ পিছত চৰকাৰে কিছু শিথিলতা প্ৰদান কৰাৰ পিছত পুনৰ খোল খাইছে দোকান-পোহৰ। দোকান-পোহৰ পুনৰ খোল খোৱাত ব্যৱসায়ী সকলে লক ডাউনৰ সময়ছোৱাত হোৱা লোকচানৰ পৰা নিজকে কিছু উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব বুলি আশা কৰিছিল যদিও এই আশাত চেঁচা পানী পৰিল । বৰ্তমান মহানগৰী গুৱাহাটীত দেখা দিয়া কৰ'ণা ভাইৰাছৰ দ্ৰুত সংক্ৰমণৰ পাচত মহানগৰীৰ ব্যৱসায়ী সকলৰ অৱস্থা পুনৰ শোচনীয় হৈ পৰিছে ।

গণ সংক্ৰমণ হোৱাৰ ভয়ত ৰাইজে এতিয়া নিজকে আবদ্ধ কৰি ৰাখিছে ঘৰৰ ভিতৰত। অতিকৈ প্ৰয়োজনীয় কামতে ৰাইজ ঘৰৰ পৰা ওলাই আহে,আনকি ৰাইজ বিৰত আছে বজাৰৰ পৰা সামগ্রী ক্ৰয় কৰাৰ ক্ষেত্ৰতো । ব্যৱসায়ীসকলে ৰাতিপুৱাৰ ভাগতে দোকান খুলি নিশালৈকে অপেক্ষাত থাকে গ্ৰাহকৰ ।

গ্ৰাহক আহিলে দুপইচা বিক্ৰী হ'ব বুলি আশাতে থাকি নিশাৰ ভাগত খালি হাতে ঘৰলৈ যাব লগা হৈছে ব্যৱসায়ী সকলে। মহানগৰীৰ অন্যতম ব্যৱসায়িক কেন্দ্ৰ গণেশগুৰিৰ ব্যৱসায়ী প্ৰতিষ্ঠান সমুহ খোলা আছে যদিও প্ৰতিষ্ঠান সমূহত দেখিবলৈ পোৱা যায় অতি নগণ্য সংখ্যক গ্ৰাহক ।

এতিয়া মহানগৰীৰ ব্যৱসায়ী সকলৰ বাবে লক ডাউন থকা নথকা সমান হৈছে । লক ডাউনৰ সময়ত ব্যৱসায়ী সকলে ঘৰতে থাকি নিবণুৱাৰ জীৱন যাপন কৰিছিল আৰু এতিয়া লক ডাউন খোলাৰ পিছত নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত থাকিও নিবণুৱা হৈছে ব্যৱসায়ী সকল। এফালে দোকান খোলা মানেই দোকানৰ মালিকক দোকান ভাড়া দিবই লাগিব, আনফালে বজাৰত বিক্ৰী নাই, গতিকে বৰ্তমান ব্যৱসায়ী সকলৰ অৱস্থা পানীত হাঁহ নচৰা হৈছে ।

লগতে চাওকঃ অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল পৰিভ্ৰমণ দেৱব্ৰত শইকীয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.