গুৱাহাটী, 16 ছেপ্তেম্বৰঃ কাইলৈ বিশ্বকৰ্মা পূজা ৷ এইবেলি মহামাৰী কৰ’ণা ভাইৰাছৰ বাবে অনুষ্টুপীয়াকৈ পালন কৰা হ’ব বিশ্ব খনিকৰ গৰাকীৰ পূজা ৷ যদিও অইনবাৰৰ তুলনাত এইবেলি পূজাৰ জাক-জমকতা তেনেই তাকৰ কিন্তু ইয়াৰ মাজতে দুই এজন গ্ৰাহক পূজাৰ সামগ্ৰী বিচাৰি দোকান পোহাৰসমূলৈ অহা পৰিলক্ষিত হৈছে ৷ গুৱাহাটী মহানগৰীতো পূজা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত প্ৰশাসনে কিছু নীতি-নিৰ্দেশনা অৰ্পণ কৰিছে ৷ আনহাতে, এইবাৰ প্ৰতিমা কমকৈ নিৰ্মাণ কৰা বাবে দাম বৃদ্ধি পাইছে প্ৰতিমাসমূহৰ ৷
লগতে পঢ়ক-প্ৰধানমন্ত্ৰীৰ 70 সংখ্যক জন্মদিন উপলক্ষে গোলাঘাটত ৰক্তদান শিবিৰৰ আয়োজন