গুৱাহাটী,22 জুলাইঃ বুধবাৰে মহানগৰীৰ ভূতনাথত সংঘটিত হয় শোকাৱহ দুৰ্ঘটনা ৷ ঘৰৰ চাদ খহি শুই থকা অৱস্থাতে এগৰাকী শিশুৰ মৃত্যু ৷ পৰিয়ালটোৰ পাৰবীন খাতুন নামৰ কন্যা সন্তানটিৰ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় ঘৰৰ বাকী 4 সদস্য ৷
জানিব পৰা মতে,ডঃ ধৰ্মা ৰঞ্জন দাসৰ দুমহলীয়া অট্টালিকাত ভাড়াতীয়া হিচাপে আছিল 5 জনীয়া পৰিয়ালটো ৷ পৰিয়ালটো শুই থকা অৱস্থাতে পুৱা 4মান বজাত হঠাৎ খহি পৰে ঘৰৰ চাদখন । সম্প্ৰতি গুৰুতৰ ভাৱে আহত ঘৰৰ বাকী 4জন সদস্যক অতি সংকটজনক অৱস্থাত প্ৰেৰণ কৰা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ ৷
লগতে পঢ়কঃভৰা নৈৰ বুকুৰে বিপদসংকুল যাত্ৰা