গুৱাহাটী, 5 ডিচেম্বৰঃ ন-কইনাৰ ৰূপত সজাই তোলা হৈছে গুৱাহাটী মহানগৰীক । দিনে-নিশাই গুৱাহাটীত দেখা গৈছে যুদ্ধকালীন তৎপৰতা । তথ্য অনুসৰি ভাৰত-জাপান সন্মিলন,খেলো ইণ্ডিয়া,টইছা,ফিল্ম ফেয়াৰকে ধৰি কেইবাটাও বিলাসী অনুষ্ঠান অনুষ্ঠিত হ'ব মহানগৰীত । এই অনুষ্ঠানসমূহত অংশগ্ৰহণ কৰিবলগীয়া তাৰকাসকলৰ দৃষ্টি আকৰ্ষণৰ হেতু যত্নপৰ হৈছে ৰাজ্য চৰকাৰ । বিশেষকৈ জাপানৰ প্ৰধানমন্ত্ৰী ছিনজু অ'ৱে আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আদৰিবলৈ দিন-ৰাতি একাকাৰ কৰিছে সোণোৱাল চৰকাৰে । চাৰিওদিশে ৰং সানি সজাই তোলাৰ উপৰিও পূৰ্বৰ ৰাজপথ খান্দি পুনৰ নিৰ্মাণ কৰা হৈছে ৷ বান,খোৱাপানী,ৰাস্তা-ঘাটৰ সমস্যা সমাধান কৰিব নোৱাৰা চৰকাৰে দুই-এদিনৰ বাবে এনে ব্যৱস্থা গ্ৰহণকলৈ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে সচেতন ৰাইজে ।
পথ তথা ডিভাইদাৰ ভাঙি নতুনকৈ নিৰ্মাণ কৰি ৰাজকোষৰ ধন উদং কৰা কাৰ্যত ক্ষোভ প্ৰকাশ কৰে ৰাইজে । ইফালে উক্ত কামৰ বাবে সমগ্ৰ গুৱাহাটীত তীব্ৰ যান-জঁটৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । তদুপৰি পদপথৰ দোকানসমূহ ভাঙি চাফ-চিকুণ কৰা দেখা গৈছে । চৰকাৰৰ এই পদক্ষেপ চিৰস্থায়ী হোৱাৰ পোষকতা কৰিছে ৰাইজে ৷ উল্লেখযোগ্য যে, পৰৱৰ্তী সময়ত এই বিলাসী অনুষ্ঠানসমূহে সমস্যাৰে ভাৰাক্ৰান্ত অসমৰ কেনেকুৱা পৰিৱৰ্তন সাধন কৰে সেয়ে লক্ষণীয় হ'ব ৷ কিয়নো বিগত সময়ত ৰাজ্যৰ উদ্যোগী ক্ষেত্ৰত উন্নয়নৰ লক্ষ্যৰে অসম চৰকাৰে আয়োজন কৰিছিল এডভাণ্টেজ আছাম শীৰ্ষক অনুষ্ঠানৰ । কিন্তু সময়ত সেয়া এক বিগ জিৰ’ হোৱাহে পৰিলক্ষিত হ’ল ৷