গুৱাহাটী, 21 মাৰ্চঃ কৰ'ণা ভাইৰাছক লৈ বন্ধ হৈ পৰিছে মহানগৰীৰ সকলো বাৰ আৰু বিউটি পাৰ্লাৰ। বুধবাৰে অসম চৰকাৰে দিয়া নিৰ্দেশ অনুসৰি বন্ধ কৰি ৰখা হৈছে এই বিপনী সমূহ। বৃহস্পতিবাৰে ৰাতিপুৱাৰে পৰা তলা ওলমোৱা দেখা গৈছে বিপনী সমূহত। এই সন্দৰ্ভত মহানগৰীৰ এখন বাৰৰ কৰ্মচাৰীয়ে শুকুৰবাৰে ৰাতিপুৱাৰে পৰা বাৰ বন্ধ ৰখা বুলি জানিবলৈ দিয়ে। লগতে চৰকাৰৰ পদক্ষেপক সমৰ্থন জনাই আৰু চৰকাৰে দিয়া নিৰ্দেশ সমূহ মানি চলা বুলি জানিবলৈ দিয়ে। ইয়াৰোপৰি সকলোৱে এই সংক্ৰান্তত সজাগ হোৱাটো প্ৰয়োজনীয় যিহেতু এইটো এটা জটিল সময় বুলি উল্লেখ কৰে কৰ্মচাৰীজনে । উল্লেখ্য যে কৰ'ণা ভাইৰাছক লৈ 31 তাৰিখলৈকে বন্ধ থাকিব সকলো বাৰ আৰু বিউটি পাৰ্লাৰ।
লগতে পঢ়কঃ এই সময়ত প্ৰয়োজন অধিক আছুতীয়া কক্ষৰ